অটো ৰিক্সাৰ চকা তিনিটা কিয়? ভাৱিছেনে কেতিয়াবা এই কথা...

আমাৰ দেশত অটোৰিক্সা হৈছে অন্যতম সাধাৰণ ৰাজহুৱা পৰিবহণ বাহন। সৰু সৰু ৰাস্তা আৰু ব্যস্ত যাতায়তৰ মাজেৰে যাত্ৰা কৰিবলৈ বহুতৰে পছন্দৰ বাহন হৈছে অটোৰিক্সা।  কিন্তু আপুনি

author-image
Asomiya Pratidin
New Update
sudjjd

ডিজিটেল ডেস্কঃআমাৰ দেশত অটোৰিক্সা হৈছে অন্যতম সাধাৰণ ৰাজহুৱা পৰিবহণ বাহন। সৰু সৰু ৰাস্তা আৰু ব্যস্ত যাতায়তৰ মাজেৰে যাত্ৰা কৰিবলৈ বহুতৰে পছন্দৰ বাহন হৈছে অটোৰিক্সা।  কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে এই বাহনবোৰত বেছিভাগ গাড়ীৰ দৰে চাৰিচকীয়াৰ সলনি মাত্ৰ তিনিচকীয়াহে কিয় কৰা হৈছে?

বিশেষজ্ঞসকলে কয় যে এই ডিজাইন ব্যৱহাৰিক আৰু অৰ্থনৈতিক দুয়োটা দিশৰ ওপৰত নিৰ্ভৰ কৰি কৰা হৈছে।  অটোৰিক্সাত তিনিটা চকা থকাৰ এটা মূল কাৰণ হ’ল খৰচ। চতুৰ্থ চকা যোগ কৰিলে বাহনখন গধুৰ হ’ব আৰু নিৰ্মাণ কৰাত ব্যয়বহুল হ’ব।

তিনিচকীয়াকৈ ৰাখিলে নিৰ্মাতাসকলে কম দামত অটোৰিক্সা উৎপাদন কৰিব পাৰে, যাৰ ফলত চালকৰ বাবে সুলভ হৈ পৰে। ভাৰতৰ দৰে দেশত এই কথা গুৰুত্বপূৰ্ণ, য’ত বহুতে জীৱিকাৰ বাবে সৰু সৰু বাহনৰ ওপৰত নিৰ্ভৰ কৰে। 

দিল্লী দিল্লী চৰকাৰ