অষ্টাদশ লোকসভাৰ অধ্যক্ষ-উপাধ্যক্ষ পদক লৈ শাসক-বিৰোধীৰ ৰণকৌশল...

অষ্টাদশ লোকসভাৰ অধ্যক্ষ-উপাধ্যক্ষ পদক লৈ শাসক-বিৰোধীৰ ৰণকৌশল...

author-image
Asomiya Pratidin
New Update
অষ্টাদশ লোকসভাৰ অধ্যক্ষ-উপাধ্যক্ষ পদক লৈ শাসক-বিৰোধীৰ ৰণকৌশল...

ডিজিটেল ডেস্কঃ অষ্টাদশ লোকসভাৰ অধ্যক্ষ কোন হ'ব তাকে লৈ সৰ্বত্ৰে চৰ্চা চলি আছে। ২৬ জুনত নিৰ্বাচন কৰা হ'ব লোকসভাৰ অধ্যক্ষ। এই পদৰ বাবে এনডিএ এই পৰ্যন্ত কাৰো নাম ঘোষণা কৰা নাই যদিও বিজদেপি সাংসদ ভৰ্তৃহৰি মাহতাব, ডি পুৰেন্দশ্বৰী আৰু ৰাধা মোহন সিঙৰ নাম অধ্যক্ষ পদৰ বাবে চৰ্চিত হৈ আছে।

Advertisment

উল্লেখ কৰা প্ৰয়োজন যে স্বাধীনতাৰ পিছত পোন প্ৰথম বাৰৰ বাবে এইবেলি ভোটৰ দ্বাৰা প্ৰতিদ্বন্দিতাৰ জৰিয়তে অধ্যক্ষ নিৰ্বাচন কৰা হ'ব বুলি আশা কৰা হৈছে। এই ক্ষেত্ৰত বিৰোধী জোঁট ইণ্ডিয়াই ৮ বাৰৰ সাংসদ তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা কে সুৰেশক লোকসভাৰ উপাধ্যক্ষ পদ প্ৰদানৰ বাবে দাবী উত্থাপন কৰিছে।লগতে এই দাবী মানি নল'লে সাসংদ গৰাকীক অধ্যক্ষ পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হ'ব।

ইফালে সোমবাৰে লোকসভাৰ প্ৰথমখন অধিবেশনত বিজেপিৰ সাংসদ ভৰ্তৃহৰি মাহতাবে অস্থায়ী অধ্যক্ষ হিচাপে শপতগ্ৰহণ কৰে যদিও টিডিপি মুৰব্বী চন্দ্ৰবাবু নাইডুৰ খুলশালী ডি পুৰেন্দশ্বৰীয়ে লোকসভাৰ পৰৱৰ্তী অধ্যক্ষ হোৱাৰ সম্বাৱনা প্ৰকট হৈ উঠিছে। উল্লেখ্য যে, নিৰ্বাচনৰ বাবে প্ৰাৰ্থীয়ে মঙলবাৰে দুপৰীয়া ১২ বজালৈ মনোনয়ন পত্ৰ দাখিল কৰিব লাগিব।

loksabha speaker 18th loksabha speaker