Advertisment

মহিলাইহে চম্ভালিব দিল্লী! নতুন মুখ্যমন্ত্ৰীৰ তালিকাত এই ৫গৰাকী নেত্ৰী...

দিল্লীত এইবাৰ বিজেপিয়ে মুখ্যমন্ত্ৰীত্বৰ দায়িত্ব অৰ্পণ কৰিব পাৰে এগৰাকী মহিলা নেতাক। ইতিমধ্যে এই বিষয়টোক লৈ বিজেপিৰ শীৰ্ষ নেতৃত্বই আলোচনা কৰিছে। যদিও কেজৰিৱালক পৰাস্ত কৰি প্ৰৱেশ বাৰ্মাৰ নাম

author-image
Asomiya Pratidin
New Update
দিল্লী মহিলা মুখ্যমন্ত্ৰী

দিল্লী মহিলা মুখ্যমন্ত্ৰী

ডিজিটেল ডেস্কঃ দিল্লীত এইবাৰ বিজেপিয়ে মুখ্যমন্ত্ৰীত্বৰ দায়িত্ব অৰ্পণ কৰিব পাৰে এগৰাকী মহিলা নেতাক। ইতিমধ্যে এই বিষয়টোক লৈ বিজেপিৰ শীৰ্ষ নেতৃত্বই আলোচনা কৰিছে। যদিও কেজৰিৱালক পৰাস্ত কৰি প্ৰৱেশ বাৰ্মাৰ নাম মুখ্যমন্ত্ৰীত্বৰ বাবে চৰ্চা হৈ আছে তাৰ মাজতে সকলোকে চমক দি বিজেপিৰ শীৰ্ষ নেতৃত্বই দিল্লীৰ দায়িত্ব অৰ্পন কৰিব পাৰে এগৰাকী মহিলা নেতাক।

Advertisment

ৰাজনৈতিক মহল চলা চৰ্চা অনুসৰি, দিল্লীত পৰৱৰ্তী মুখ্যমন্ত্ৰীত্বৰ দৌৰ আছে ৫গৰাকী নেত্ৰী। ইয়াৰ ভিতৰত আছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানীৰ নামো। কিয়নো দিল্লী নিৰ্বাচনৰ বাবে বিশেষ দায়িত্ব বিজেপিয়ে অৰ্পন কৰিছিল স্মৃতি ইৰানীক। লোকসভা নিৰ্বাচনত পৰাস্ত হোৱাৰ পাছতে স্মৃতি ইৰানীক বিজেপিয়ে দিল্লী নিৰ্বাচনৰ দায়িত্ব প্ৰদান কৰি দিল্লীতেই স্থায়ীভাৱে থাকিবলৈ নিৰ্দেশ দিছিল। এতিয়া দিল্লী বিজয়ৰ পাছত মুখ্যমন্ত্ৰীৰ আসনখনৰ বাবে চৰ্চাত আছে স্মৃতি ইৰানীৰ নাম। 

আনফালে মুখ্যমন্ত্ৰীৰ তালিকাত থকা আন এগৰাকী বিজেপি নেত্ৰী হৈছে-  ৰেখা গুপ্তা।  ৰেখা গুপ্তা হৈছে বিজেপিৰ মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় উপাধ্যক্ষ। এইবেলি নিৰ্বাচনত প্ৰায় ৩০হাজাৰ ভোটৰ ব্যৱধানত জয়ী হৈছে ৰেখা গুপ্তা। চৰ্চা থকা আন এগৰাকী নেত্ৰী হৈছে শিখা ৰায়। গ্ৰেটাৰ কৈলাশ সমষ্টিত আপৰ সৌৰভ ভৰদ্বাজক পৰাস্ত কৰিছে শিখা ৰায়ে। এইবেলি মুখ্যমন্ত্ৰীৰ আসনৰ বাবে শিখাও হৈছে প্ৰৱল দাবীদাৰ। 

বিজেপিৰ বিধায়ক নীলম পহলৱানৰ নামো চৰ্চাত আছে। নজফগড় সমষ্টিত ১লক্ষাধিক ভোট লৈ নিৰ্বাচিত হোৱা বিজেপিৰ এই মহিলা বিধায়কগৰাকীক লৈও চিন্তা কৰিছে বিজেপিৰ শীৰ্ষ নেতৃত্বই। দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ তালিকাত থকা আন এগৰাকী নেত্ৰী আপুনিও হয়তো চিনি পায়। তেওঁ হৈছে দিল্লীৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰীৰ কন্যা।

দিল্লীৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী সুষমা স্বৰাজৰ কন্যা বাছুৰী স্বৰাজ বৰ্তমান নতুন দিল্লী লোকসভা সমষ্টিৰ সাংসদ। সুবক্তা হিচাপে ৰাজনীতিৰ পথাৰত কম দিনৰ ভিতৰতে সুকীয়া আসন দখল কৰা এই নেত্ৰীগৰাকীও বৰ্তমান চৰ্চাত আছে। আনহাতে বিজেপিৰ বিধায়িকা পুনম শৰ্মাৰ নামো সম্ভাৱ্য মুখ্যমন্ত্ৰীৰ তালিকাত আছে। 

মুঠৰ ওপৰত যিকোনো মূৰ্হুততে সলনি হব পাৰে দিল্লী ৰাজনীতিৰ প্ৰেক্ষাপট। বিজেপিয়ে সকলোকে চমক প্ৰদান কৰি দিল্লীত এগৰাকী মহিলাক মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰিব পাৰে। মধ্যপ্ৰদেশ, চত্তীশগড়ৰ দৰে ৰাজ্যত চৰ্চা চলি থকা নেতাৰ নাম কৰ্তন কৰি বিজেপিয়ে নতুন নেতাক মুখ্যমন্ত্ৰীত্বৰ দায়িত্ব দিয়া ফৰ্মূলা দিল্লীতো ব্যৱহাৰ কৰিব পাৰে বিজেপিয়ে। 

 

 

 

কেজৰিৱাল চৰকাৰ