/asomiyapratidin/media/media_files/2025/10/14/516-2025-10-14-19-32-02.jpg)
ডিজিটেল ডেস্ক : গুৱাহাটীৰ ছয়মাইল উৰণ সেতুৰ তলত গুৱাহাটীৰ শিল্পী সমাজে অনুষ্ঠিত কৰিব বিচাৰিছিল জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। কিন্তু প্ৰশাসনে যান-জঁটৰ দোহাই দি এই অনুষ্ঠান অনুষ্ঠিত কৰাত বাধা প্ৰদান কৰে।
মঙলবাৰে সন্ধিয়া ৫বজাৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল এই অনুষ্ঠান। এই অনুষ্ঠানত সংগীত পৰিৱেশন কৰাৰ কথা আছিল নবীন- প্ৰবীণ কুৰিৰো অধিক শিল্পীয়ে। খগেন গগৈ, তৃষ্ণা দেৱী, তৰালি শৰ্মা, নৃপ্ৰাণ বসুমতাৰী, লিয়াল প্ৰিন্স, পাপৰি গগৈ, অৰ্চনা কৌশিক, নৱস্মিতা, বাবু, ৰূপজ্যোতি পাপু, নিকিতা বড়ো, অঞ্জু কলিতা, সুবাসনা দত্ত, ৰাকেশ ৰিয়ান, অভিলাস, বৰ্ণালি বশিষ্ঠ, কুকিল সিনহা আদি শিল্পীৰ গীতেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছিল।
এই অনুষ্ঠানটোত স্থানীয় লোকসকলেও অংশগ্ৰহণ কৰাৰ কথা আছিল। কিন্তু গুৱাহাটী আৰক্ষীয়ে তাৰ পূৰ্বেই এই অনুষ্ঠানৰ বাবে নিষেধাজ্ঞা আৰোপ কৰে। গুৱাহাটী আয়ুক্ত কাৰ্যালয়ে এই সন্দৰ্ভত সামাজিক মাধ্যমযোগে এক ঘোষণা প্ৰকাশ কৰে।