অসমৰ মুখ্যমন্ত্ৰীক অপসাৰণৰ কথা ক'বলৈ জমিয়ত উলেমা কোন বুলি প্ৰশ্ন জাতীয় দল-সংগঠনৰ : আমগুৰিত তীব্ৰ প্ৰতিবাদ

অসমৰ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰৰ দাবী জনোৱা জমিয়তৰ বিৰুদ্ধে সোচ্ছাৰ পৰিছে দল-সংগঠন। জমিয়ত উলেমা হিন্দ আৰু মৌলানা মেহমুদ মাদানীৰ বিৰুদ্ধে গৰজি উঠিছে অসমীয়া যুৱ মঞ্চ।

author-image
Asomiya Pratidin
New Update
149

ডিজিটেল সংবাদ, আমগুৰি : অসমৰ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰৰ দাবী জনোৱা জমিয়তৰ বিৰুদ্ধে সোচ্ছাৰ পৰিছে দল-সংগঠন। জমিয়ত উলেমা হিন্দ আৰু মৌলানা মেহমুদ মাদানীৰ বিৰুদ্ধে গৰজি উঠিছে অসমীয়া যুৱ মঞ্চ।

Advertisment

ৰাজ্যৰ মুখ্যমন্ত্ৰীক অপসাৰণ আৰু গ্ৰেপ্তাৰৰ দাবী জনোৱা জমিয়ত উলেমা ই হিন্দ আৰু মৌলানা মেহমুদ মাদানীক উভতি ধৰিছে ৰাজ্যৰ দল-সংগঠনে। জমিয়ত উলেমা ই হিন্দ আৰু মৌলানা মেহমুদ মাদানীৰ বিৰুদ্ধে শনিবাৰে আমগুৰিত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি অসমীয়া যুৱ মঞ্চই 'হু ইজ মৌলানা মেহমুদ মাদানি?, মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰিবলৈ ক’বলৈ জমিয়ত উলেমা কোন বুলি প্ৰশ্ন উত্থাপন কৰে। 

উল্লেখ্য যে জমিয়ত উলেমা হিন্দৰ মৌলানা মেহমুদ মাদানীয়ে অসমত উচ্ছেদ চলোৱাৰ বাবে লগতে সংখ্যালঘু লোকক অত্যাচাৰ চলোৱাৰ অভিযোগ তুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰৰ দাবী জনাইছিল। জমিয়ত উলেমা হিন্দ নামৰ সংগঠনটোৰ নেতাগৰাকীৰ এই দাবীৰ পিছতে সম্প্ৰতি ৰাজ্যখনত জাঙুৰ খাই উঠিছে জাতীয় দল-সংগঠন। 

অসমত ধৰ্মীয় মেৰুকৰণ কৰিব বিচৰা জমিয়তৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চই আজি আমগুৰি নগৰৰ চাৰিআলিত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। জমিয়ত উলেমাই অসমত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰা কাৰ্যক সংগঠনটোৱে গৰিহণা দিয়াৰ লগতে জমিয়ত উলেমা তথা মৌলানা মেহমুদ মাদানীক সকীয়নি প্ৰদান কৰে।

WhatsApp Image 2025-08-23 at 8.34.25 PM

অসমীয়া যুৱ মঞ্চই মাদানীয়ে মুখ্যমন্ত্ৰীৰ নোম এডালো ল'ৰাব নোৱাৰে বুলি মন্তব্য কৰি অসমৰ উচ্ছেদক লৈ মাদানীৰ কিয় ইমান জ্বলন হৈছে বুলি প্ৰশ্ন কৰে। অসমত উচ্ছেদ হ'বই, আমি মুখ্যমন্ত্ৰীৰ লগত আছো বুলি অসমীয়া যুৱ মঞ্চই স্পষ্ট কৰি দিয়ে। জমিয়ত উলেমা পাকিস্তানীৰ এজেণ্ট, বাংলাদেশৰ এজেণ্ট বুলি উল্লেখ কৰি সংগঠনটোক ভাৰতত নিষিদ্ধ কৰাৰ দাবী জনায় অসমীয়া যুৱ মঞ্চই।

সংগঠনটোক ভাৰত তথা অসমত নিষিদ্ধ কৰাৰ দাবী জনোৱাৰ লগতে মাদানীক গ্ৰেপ্তাৰ কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দাবী জনাই অসমীয়া যুৱ মঞ্চই। ইপিনে, এই সন্দৰ্ভত টাইপাৰ সভাপতি বিজয় ৰাজকোঁৱৰে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে জমিয়ত উলেমা হিন্দৰ সভাপতি মৌলানা মেহমুদ মাদানীয়ে অসমত যি অবৈধ সন্দেহজনক নাগৰিক, যিসকলে অবৈধভাৱে বসবাস কৰি আছে তেওঁলোকৰ বিৰুদ্ধে অসমত চলা উচ্ছেদ অভিযানৰ বিৰোধ কৰাৰ লগতে কেতবোৰ সাম্প্ৰদায়িক মন্তব্য দিয়া আমি শুনিবলৈ পাইছো ৷

মাদানীৰ এই কাৰ্যৰ আমি টাইপাৰ লগতে অসমৰ খিলঞ্জীয়া সকলো জাতি-জনগোষ্ঠীয়ে তীব্ৰ বিৰোধিতা কৰিছো ৷ সভাপতিগৰাকীয়ে কয় যে মাদানী অসমৰ অভিভাৱকো নহয়, তেওঁ অসমৰ সমস্যাৰ বিষয়ে জ্ঞাতও নহয় ৷

অসমৰ অবৈধ নাগৰিকৰ সমস্যা সকলোতকৈ ডাঙৰ সমস্যা ৷ এইসকল লোকে অসমৰ যিবোৰ খিলঞ্জীয়া বসতিপ্ৰধান অঞ্চল সেই অঞ্চলসমূহলৈ আহি জনগাঁথনি সলনি কৰি দিয়ে আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে অৰ্থনৈতিকভাৱেই হওক অৰ্থনৈতিকভাৱেই হওক বা সামাজিকভাৱেই হওক তেওঁলোকে অধিকাৰ কৰি লোৱা আমি দেখিবলৈ পাইছো ৷

টাইপাৰ সভাপতিগৰাকীয়ে সন্দেহজনক নাগৰিকসকলক শীঘ্ৰে বিতাড়ণ তথা বাংলাদেশলৈ প্ৰেৰণ কৰাৰ লগতে তেওঁলোকক ডিটেইনচন কেম্পত ৰখাৰ ব্যৱস্থা কৰিব লাগে বুলি মন্তব্য কৰে ৷ যিসকল লোকে উচ্ছেদৰ বিৰোধ কৰিছে, সাম্প্ৰদায়িক মন্তব্য দিছে- মৌলনা মাদানীৰ দৰে ব্যক্তিৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ টাইপাৰ সভাপতিগৰাকীয়ে অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনোৱাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক আহ্বান জনায় ৷

আমগুৰি শিৱসাগৰ