/asomiyapratidin/media/media_files/2025/11/08/whatsapp-ima-2025-11-08-21-20-07.jpeg)
ডিজিটেল ডেস্কঃ এইবাৰ মন্ত্ৰী পীযুষ হাজৰীকাক উভতি ধৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। উমা চেত্ৰীৰ আদৰণি সন্দৰ্ভত পীযুষ হাজৰীকাই সামাজিক মাধ্যমত বিৰোধীক লক্ষ্য কৰি লৈ দিয়া পোষ্টৰ উত্তৰত লুৰিণজ্যোতি গগৈয়ে চৰকাৰখন কাৰ বুলি পীযুষশ হাজৰীকাক উভতি ধৰে।
লুৰিণজ্যোতি গগৈয়ে ফেচবুকত দিয়া এটা পোষ্টত লিখে যে-
প্ৰতি,
মাননীয় পীযূষ হাজৰিকা
মন্ত্ৰী, অসম চৰকাৰ
প্ৰথমতে আপোনাক ধন্যবাদ৷ সৌ সিদিনালৈ ‘অসম জাতীয় পৰিষদ’ক ক্লাব বুলি তাচ্ছিল্য কৰা আৰু আমাক সেই ক্লাবৰ সভাপতি বুলি কোৱাজনে ৰাজহুৱাকৈ ‘অজাপ’ক ৰাজনৈতিক দল বুলি যে ক’লে, সেয়াই হৈছে সময়!
এতিয়া আহোঁ উমা চেত্ৰীৰ আদৰণিৰ বিষয়টো লৈ৷ তাৰ পূৰ্বে আমাৰ কিছু মুকলি প্ৰশ্ন—
১) চৰকাৰখন কাৰ?
২) মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বৰ্তমানৰ BCCIৰ সচিব কোন?
৩) ACAৰ সভাপতিগৰাকী অসম জাতীয় পৰিষদৰ নেকি?
৪) বিশ্বজয় কৰি অহা অসম গৌৰৱ খেলুৱৈয়ে অসমত পদাৰ্পণ কৰা কথা আমাৰ দৰে সাধাৰণ মানুহে বা দল-সংগঠনে ৰাইজক জনাব লাগে নে BCCI, ACA নে চৰকাৰে?
৫) সকলোতে কেৱল SOPৰ কথা কোৱাসকলে উমা চেত্ৰীৰ আদৰণিৰ ক্ষেত্ৰত একো SOP কিয় নুলিয়ালে?
আমাৰ নিচিনা ৰাজনৈতিক দলে উমা চেত্ৰীৰ আগমনৰ কথা সংবাদ মাধ্যমত গম পায়ে আজি পুৱাতেই তেওঁৰ ঘৰলৈ গৈ তেওঁক আদৰণি জনাই আহিছোঁ।
তিনিটা লিংক দিছোঁ৷ সময় হ’লে চাই ল’ব-
https://www.facebook.com/share/p/1BaZXR7XVU/
https://www.facebook.com/share/v/17c86cZhku/
https://www.facebook.com/share/p/1JhBfAPGNb/
আপুনিও যাব...
মৰিগাঁৱৰ পৰা বেছি দূৰ নহয় উমাৰ ঘৰ।
দৰাচলতে বিশ্বকাপ ২০২৫ৰ খিতাপ জয় কৰি বৃহস্পতিবাৰে অসমত উপস্থিত হোৱা ক্ৰিকেটাৰ উমা চেত্ৰীক চৰকাৰে গৃহভূমিত উপযুক্ত আদৰণি নজনোৱা সন্দৰ্ভত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈছিল বিৰোধীৰ লগতে দল-সংগঠন। ইয়াৰ পাছতে সমগ্ৰ বিষয় সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰীকাই দিয়া উত্তৰত উভতি ধৰে অসম জাতীয় পৰিষদৰ সভাপতি গগৈয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us