/asomiyapratidin/media/media_files/2025/08/28/hbs-2025-08-28-23-27-10.jpg)
ডিজিটেল ডেস্কঃ সংখ্যালঘু এলেকাত সম্প্ৰতি ভাইৰেল হৈছে এক বিশেষ হোৱাটছআপ বাৰ্তা ৷ সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা এই বাৰ্তা ভাইৰেল হোৱাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ বাৰ্তাটোৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷
সন্দেহযুক্ত মিঞা–এলেকাত চলি থকা উচ্ছেদ অভিযানক লৈ কৰা সাম্প্ৰদায়িক মন্তব্যেৰে ভৰা এই বাৰ্তাটো ভাইৰেল কৰাৰ পিছতে ৰাজনৈতিক মহলেও চাঞ্চল্যৰ সৃষ্টি হৈছে। এই বাৰ্তাটোত উল্লেখ আছে-, “বৰ দুখেৰে ক’বলগীয়া হৈছে যে যাক আমি গাঁৱৰ মুৰব্বী বনাইছিলো, দায়িত্ব দিছিলো, সি আমাৰ ইছলামক অপমান কৰি আমাৰ মানুহক উচ্ছেদ কৰাত সহায় কৰিছে। আমাৰ ৫০ হাজাৰ মুছলমান পৰিয়াল উচ্ছেদ কৰাক সি সমৰ্থন কৰিছে।”
বাৰ্তাটোত জনৈক পাৰভেজ নামৰ এজন ব্যক্তিক লক্ষ্য কৰি তীব্ৰ আক্রমণ কৰিছে। তাত উল্লেখ আছে যে, “পাৰভেজৰ পিছত আমি সপোন দেখিছিলো, কিন্তু সি আমাৰ সপোন ভাঙি দিলে। উচ্ছেদত সমৰ্থন কৰি সি কেৱল অসমৰ নিৰ্বাচন খেলিবলৈ চেষ্টা কৰিছে।” লগতে মৌলানা আৰ্ছাদ চাহাবে উচ্ছেদৰ বিৰুদ্ধে দিয়া বক্তব্যকও মুখ্যমন্ত্ৰীয়ে বিৰোধ কৰিছে বুলি কোৱা হৈছে।
আনহাতে, উক্ত বাৰ্তাত পাৰভেজক বয়কট কৰাৰ আহ্বান জনোৱা হৈছে। উল্লেখযোগ্য যে, এই ভাইৰেল বাৰ্তাই সংখ্যালঘু এলেকাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টিৰ লগতে ৰাজনৈতিক মহলতো চৰ্চা লাভ কৰিছে।