কোন এই ওছমান হাদী?

শ্বৰিফ ওছমান বিন হাদীৰ মৃত্যুত অস্থিৰ হৈ পৰিছে বাংলাদেশ। কেউদিশে জ্বলিছে জুই। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  প্ৰথমে কনোৱে চিনি নোপোৱা ওছমান হাদী সকলোৰে  ঘৰে ঘৰে চিনাকি হৈ পৰিল। হঠাতে তেওঁ ৰাজনীতিত উত্থান, কিন্তু সকলো অন্ত পৰিল। শ্বৰিফ ওছমান বিন হাদীৰ মৃত্যুত অস্থিৰ হৈ পৰিছে বাংলাদেশ। কেউদিশে জ্বলিছে জুই। 

2025-12-19T051330Z_1553356645_RC224EAYXEZ5_RTRMADP_3_BANGLADESH-POLITICS-1766141533

উল্লেখ্য যে শ্বেখ হাছিনাৰ দল আৱামি লীগক নিষিদ্ধ কৰাৰ দাবীৰ অন্যতম কণ্ঠ আছিল ওছমান হাদী।১৯৯৩ চনৰ ৩০ জুনত বাংলাদেশৰ বৰিশালত জন্মগ্ৰহণ কৰিছিল ওছমান হাদীয়ে। ছয় ভাই-ভনীৰ ভিতৰত হাদী আছিল সকলোতকৈ সৰু। ঢাকাৰ ৰামপুৰা অঞ্চলত বাস কৰিছিল ওছমান হাদীয়ে। পেছাত আছিল শিক্ষক। 

download (3)

প্ৰণিধানযোগ্য যে, ১২ ডিচেম্বৰত জুম্মা নামাজৰ অন্তত ঢাকাৰ বিজয়নগৰৰ বক্স কালভাৰ্ট অঞ্চলৰ মাজেৰে গৈ আছিল ওছমান হাদী। সেই সময়তে দুস্কৃতিকাৰীয়ে হাদীৰ ওপৰত গুলীচালনা কৰে। হাদিৰ  গুলীৰ আঘাতত নিহত হৈছিল।শীঘ্ৰে উদ্ধাৰ কৰি ঢাকাৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়।

download (4)

যেতিয়া তেওঁৰ অৱস্থাৰ অৱনতি ঘটে তেতিয়া প্ৰথমে ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাৰ পিছত ছিংগাপুৰলৈ প্ৰেৰণ কৰিছিল। অৱশ্যে হাদীৰ অৱস্থা ক্ৰমান্বয়ে অৱনতি ঘটে। ১৮ ডিচেম্বৰ শুকুৰবাৰে নিশা ছিংগাপুৰত চিকিৎসাধীন অৱস্থাতে মৃত্য হয় ওছমান হাদীৰ। ইপিনে হাছিনা চৰকাৰৰ পতনৰ পিছত আৱামী লীগ নিষিদ্ধ কৰাৰ দাবীত মাত মতাসকলৰ ভিতৰত ওছমান হাদী অন্যতম। সেই সময়তে গঠন হয় ইনকিলাব মঞ্চ। ইয়াৰ লক্ষ্য আছিল বাংলাদেশৰ স্বাধীনতা আৰু সাৰ্বভৌমত্ব ৰক্ষা তথা ন্যায়ৰ দাবী প্ৰতিষ্ঠা কৰা। জুলাই মাহৰ আন্দোলনৰ সময়ত যেতিয়া সকলোৱে প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহিছিল, তেতিয়া ওছমান হাদীও স্থানীয় সাংগঠনিক কাম-কাজত জড়িত হৈ পৰিছিল। ৰাতিটোৰ ভিতৰতে চিনাকি মুখ হৈ পৰিছিল ওছমান হাদী। 

AFP_886M98G

বাংলাদেশ