/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/38b66170-bd43-4974-a43c-b68ce425ff9b/a3677e79-0520-407c-b483-495ce1015a93.jpg)
ডিজিটেল ডেস্কঃ এতিয়াও এনে বহু অঞ্চল আছে যিবোৰ অঞ্চলত মুকলিকৈ মুছলমান মহিলা সমাজত ঘুৰা-ফিৰা কৰিব নোৱাৰে। গোৰ্খাৰ তলত মুখ ঢাকি সপোন দেখা, আকাশ চুবলৈ হেঁপাহ কৰা বহু মুছলমান এতিয়াও আছে। কিন্তু তাৰ মাজতো এনে ভেটাঁ ভাঙি একাংশ মুছলমান মহিলাই খোজ থৈছে সপোনৰ পৃথিৱীখনত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/d9a353cc-61c6-429a-b8e0-6e3baa9fd2c4/images.jpg)
পুৰুষ-মহিলাৰ ভেটাঁ ভাঙি বিশ্বজয়ৰ সপোন দেখা তেনে এগৰাকী মহিলা হৈছে ফাৰাহ মালিক ভানজী। আপুনি জানি আচৰিত হব যে, ফাৰাহৰ বৰ্তমান মুঠ সম্পত্তিৰ পৰিমাণ ২৬হাজাৰ কোটি টকা। দেশৰ সবাতোকৈ ধনী মুছলিম মহিলাৰ তালিকাতো শীৰ্ষত আছে ফাৰাহ। প্ৰিমিয়াম জোতা প্ৰস্তুতকাৰী প্ৰতিষ্ঠান মেট্ৰ বেণ্ডৰ এম ডি পদত আছে ফাৰাহ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/427f56f3-fe10-403b-908f-f92d43b9374b/Farah-Malik-Bhanji-2-1080x1440-1.webp)
দেশৰ প্ৰতিষ্ঠিত ব্যৱসায়ী ৰফীক মালিকৰ দ্বিতীয় কন্যা ফাৰাহ। মেট্ৰ বেণ্ডৰ এম ডি পদত অধিষ্ঠিত হোৱাৰ আগেয়ে বহুকেইটা বিদেশী কোম্পানীত চাকৰি কৰিছিল তেওঁ। অইন কোম্পানীৰ গোটোৱা অভিজ্ঞতা মেট্ৰ বেণ্ডত ব্যৱহাৰ কৰি ফাৰাহে সমগ্ৰ দেশত এটা বছৰতে ১০০খন বিপনীৰ পৰা ৭৮৯লৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছিল। নৱপ্ৰজন্মক আকৰ্ষিত কৰিব পৰাকৈ ভিন্ন নতুন ডিজাইন প্ৰস্তুতৰ পৰিকল্পনা কৰিছিল ফাৰাহে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/e34661f1-0f3e-49f9-8f80-d587ecd58337/e5ebc8bc-7acf-11e9-82de-27fc3f00c050_1558365778933_1558366353542.webp)
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, ফাৰাহৰ পিতৃ ৰফীক মালিকৰো মুঠ সম্পত্তিৰ পৰিমাণ ২বিলিয়ন ডলাৰ। ২০২১চনত মেট্ৰ বেণ্ডৰ এম ডি পদত বহিছিল ফাৰাহ। টেক্সাছ বিশ্ববিদ্যালয়ৰ পৰা গণিত বিষয়ত মেজৰ লৈ স্নাতক ফাৰাহে আমেৰিকাতে কিছুদিন ভিন্ন কোম্পানীত চাকৰি কৰি ঘূৰি আহিছিল দেশলৈ।