/asomiyapratidin/media/media_files/2026/01/04/hh-2026-01-04-11-09-43.jpg)
ডিজিটেল ডেস্কঃ ভেনিজুৱেলাত এয়াৰ ষ্ট্ৰাইক কৰাৰ পাছত ৰাষ্ট্ৰপতি মাডুৰোক গ্ৰেপ্তাৰ কৰি দেশৰ পৰা লৈ যোৱাৰ পাছত ভেনিজুৱেলাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতিৰ নাম ঘোষণা হৈছে। ডেলচি ৰড্ৰিগেজ হ'ব অন্তৰ্ৱৰ্তীকালীন ৰাষ্ট্ৰপতি। ভেনিজুৱেলাৰ উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিছে এই বৃহৎ সিদ্ধান্ত।
উল্লেখ কৰা প্ৰয়োজন যে, ডেলচি ৰড্ৰিগেজৰ ওপৰত সমৰ্থন দিছে ট্ৰাম্পে। কিয়নো উচ্চতম ন্যায়ালয়ে ঘোষণা কৰাৰ পূৰ্বেই ট্ৰাম্পে ঘোষণা কৰিছিল এই কথা। ট্ৰাম্পে এই ঘোষণাও কৰিছিল যে, ভেনিজুৱেলাৰ উজ্বল ভৱিষ্যতৰ বাবে আমেৰিকাই দেশখনক চোৱাচিতা কৰিব।
অন্তৰ্ৱৰ্তীকালীন ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজে পূৰ্বে ভেনিজুৱেলাৰ বিত্ত আৰু তেল মন্ত্ৰী আছিল। ৫৬বছৰীয়া মহিলাগৰাকী ৰাজনীতিত প্ৰৱেশ কৰাৰ পূৰ্বে আছিল এগৰাকী অধিবক্তা। ইফালে আমেৰিকান সেনাৰ জিম্মাতে আছে ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো। আমেৰিকাৰ আক্ৰমণত ৪০ জনকৈ লোকৰ মৃত্যু হোৱা বুলিও দাবী কৰিছে ভেনিজুৱেলাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us