/asomiyapratidin/media/media_files/2025/09/06/ujhjjhj-2025-09-06-20-13-09.jpg)
ডিজিটেল ডেস্কঃ বিট্ৰেইনৰ দৰে এখন উন্নত দেশৰ গৃহ দপ্তৰ চম্ভালিব এগৰাকী মুছলমান মহিলাই। প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ নেতৃত্বত লেবাৰ পাৰ্টি চৰকাৰে মন্ত্ৰীসভাৰ পৰিৱৰ্তন কৰি শ্বাবানা মাহমুদক ব্ৰিটেইনৰ নতুন গৃহমন্ত্ৰী হিচাপে নিযুক্তি দিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/06/chrystalding_209women_low-e1583490687107-800x0-c-default-2025-09-06-20-18-51.jpg)
এই পদত উপনীত হোৱা ব্ৰিটেইনৰ প্ৰথমগৰাকী মুছলমান মহিলা মন্ত্ৰী। পাকিস্তানৰ সৈতে গভীৰ সম্পৰ্ক থকা শ্বাবানা ভাৰতৰ বিৰোধিতাৰ বাবেও পৰিচিত। উল্লেখ কৰা প্ৰয়োজন যে, শ্বাবানাই ব্ৰিটেইনত ওৰণি পিন্ধাৰ অধিকাৰক মুকলিকৈ সমৰ্থন কৰে তেওঁক পেলেষ্টাইন সমৰ্থক আৰু ইজৰাইল বিৰোধী বুলি গণ্য কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/06/skynews-shabana-mahmood-justice_6756107-2025-09-06-20-19-18.jpg)
প্ৰথমবাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ সময়ত শ্বাবানাই কোৰানত ওপৰত হাত থৈ শপত গ্ৰহণ কৰিছিল। ব্ৰিটেইনৰ গৃহমন্ত্ৰী হিচাপে শবানা মাহমুদৰ নিযুক্তি ভাৰতৰ বাবে শুভ লক্ষণ নহয় বুলি বিবেচিত হৈছে। ২০১৯ চনত যেতিয়া ভাৰতে জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ আঁতৰাইছিল, তেতিয়া শ্বাবানা মাহমুদে বাৰ্মিংহামত প্ৰতিবাদ কৰি ভাৰত চৰকাৰক সমালোচনা কৰি অতিপাত হিন্দু বুলি অভিহিত কৰিছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/06/2dee4abe-288a-49dc-9889-327cbc281ebf-2025-09-06-20-19-54.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us