কি কাৰণত হঠাতে ট্ৰাম্পৰ ঘৰত চলিল বুলড'জাৰ...

বুলড'জাৰৰ শব্দ এতিয়া প্ৰতিধ্বনিত হৈছে হোৱাইট হাউচত। হোৱাইট হাউছৰ ইষ্ট উইঙত বুলডজাৰ আৰু ক্ৰেনে এফালৰ পৰা ভাঙি নিছে ট্ৰাম্পৰ চৰকাৰী বাসগৃহ। অৱশ্যে এই বুলড'জাৰ চলোৱাৰ সিদ্ধান্ত ট্ৰাম্পে নিজেই

author-image
Asomiya Pratidin
New Update
rfff

ডিজিটেল ডেস্কঃ  বুলড'জাৰৰ শব্দ এতিয়া প্ৰতিধ্বনিত হৈছে হোৱাইট হাউচত। হোৱাইট হাউছৰ ইষ্ট উইঙত বুলডজাৰ আৰু ক্ৰেনে এফালৰ পৰা ভাঙি নিছে ট্ৰাম্পৰ চৰকাৰী বাসগৃহ। অৱশ্যে এই বুলড'জাৰ চলোৱাৰ সিদ্ধান্ত ট্ৰাম্পে নিজেই লৈছে।  ইয়াৰ আঁৰৰ উদ্দেশ্য হৈছে-  হোৱাইট হাউছত ডাঙৰ আৰু আড়ম্বৰপূৰ্ণ এটা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা। 

ট্ৰাম্পৰ মতে, এই প্ৰেক্ষাগৃহটোত ৯০ হাজাৰ বৰ্গফুটত বিস্তৃত হ’ব আৰু ইয়াৰ বাবে মুঠ ব্যয় হ’ব ২০০-২৫ কোটি ডলাৰ। নতুন বলৰুমটোত প্ৰায় ৬৫০ জন লোকে আৰামদায়কভাৱে বহিব পাৰিব। ইয়াক বিশেষভাৱে বৃহৎ সমাৱেশ, ভোজ-ভাত, সভা আৰু অন্যান্য অনুষ্ঠানৰ বাবে ডিজাইন কৰা হৈছে।

বলৰুমটোত সোণৰ স্তম্ভ, চেকাৰ মাৰ্বলৰ মজিয়া, আৰু ডাঙৰ খিৰিকী থাকিব।  দৰাচলতে ট্ৰাম্পে ১৫ বছৰ পূৰ্বে হোৱাইট হাউছত এটা গ্ৰেণ্ড ইভেণ্ট স্থান নিৰ্মাণৰ সপোন দেখিছিল। তেওঁৰ লক্ষ্য আছিল ৰাষ্ট্ৰপতিয়ে তেওঁৰ অতিথিসকলৰ বাবে সহজে বৃহৎ অনুষ্ঠান আয়োজন কৰিব পৰাটো। তেওঁ বাৰে বাৰে কৈছিল যে বৰ্তমানৰ ইষ্ট ৰুমটো সৰু সৰু অনুষ্ঠানৰ বাবে অপৰ্যাপ্ত।

১৯০২ চনত নিৰ্মাণ কৰা ইষ্ট উইংটো ১৯৪২ চনত শেষবাৰৰ বাবে সংস্কাৰ কৰা হৈছিল।এতিয়া বুলডজাৰে ইয়াক ভাঙি পেলাইছে। চিএনএনৰ বাতৰি অনুসৰি ছাদ, প্ৰৱেশদ্বাৰ, খিৰিকী আদি ধ্বংস হৈছে। কংক্ৰিটৰ টুকুৰা আৰু ধ্বংসাৱশেষ ইফালে সিফালে সিঁচৰতি হৈ আছে। আমেৰিকাৰ পতাকাৰে সজ্জিত মেচিনবোৰে অবিৰতভাৱে কাম কৰি আছে।

ট্ৰাম্পে কয় যে এই প্ৰকল্পটো সম্পূৰ্ণৰূপে ব্যক্তিগতভাৱে ট্ৰাম্প আৰু তেওঁৰ ব্যক্তিগত দাতাৰ দ্বাৰা পুঁজিৰে চলিব। লক্ষ্য হৈছে হোৱাইট হাউছক আধুনিকীকৰণ আৰু উন্নত কৰা।

ড'নাল্ড ট্ৰাম্প