আপোনাৰ দৰমহা যদিহে ৩০হাজাৰ, তেন্তে এই চহৰকেইখনত আপুনি থাকিব লাগিব ফুটপাথত!

ভাৰতৰ ডাঙৰ ডাঙৰ চহৰসমূহত সুলভ মূল্যৰ গৃহ বিচাৰি পোৱাটো ক্ৰমান্বয়ে কঠিন হৈ পৰিছে। ভাড়া আকাশলংঘী হৈছে, সেই হিচাপত দৰমহাও কমিছে। ফলত বহু মধ্যবিত্তীয় মানুহ বিমোৰত পৰিছে শেহতীয়াকৈ।  ভাৰতৰ

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল ডেস্কঃ ভাৰতৰ ডাঙৰ ডাঙৰ চহৰসমূহত সুলভ মূল্যৰ গৃহ বিচাৰি পোৱাটো ক্ৰমান্বয়ে কঠিন হৈ পৰিছে। ভাড়া আকাশলংঘী হৈছে, সেই হিচাপত দৰমহাও কমিছে। ফলত বহু মধ্যবিত্তীয় মানুহ বিমোৰত পৰিছে শেহতীয়াকৈ।  ভাৰতৰ সেই চহৰবোৰ বিষয়ে জানো আহক, য’ত ঘৰ ভাড়ালৈ লোৱাটো আটাইতকৈ খৰচী। 

বেংগালুৰুঃ এসময়ত ভাৰতৰ ছিলিকন ভেলী নামেৰে পৰিচিত বেংগালুৰু এতিয়া ভাড়াৰ হাৰ আকাশলংঘী হোৱাৰ বাবেও পৰিচিত। ইয়াত ৱান BHK এপাৰ্টমেণ্ট এটাৰ দাম প্ৰতিমাহে প্ৰায় ২০,০০০ টকা। তদুপৰি ঘৰৰ মালিকসকলে প্ৰায়ে কেইবাগুণো বেছি নিৰাপত্তা জমা ধন দাবী কৰে। ৩০,০০০ উপাৰ্জন কৰাসকলৰ বাবে ইয়াত জীয়াই থকাটো কিমান কঠিন সেয়া স্পষ্ট। 

মুম্বাইঃ সপোনৰ চহৰ মুম্বাইতো একেই পৰিৱেশ। জুহু আৰু মালাবাৰ হিলৰ দৰে আড়ম্বৰপূৰ্ণ অঞ্চলত ভাড়া লাখ লাখ হ’লেও উপকণ্ঠ অঞ্চলত এটা সাধাৰণ ৱান BHK ফ্লেটৰ দাম প্ৰায় ২৫,০০০ টকা। এই ভাড়াই দৰমহাৰ ইমান অংশ আগুৰি লয় যে খাদ্য আৰু যাতায়তৰ দৰে মৌলিক প্ৰয়োজনীয়তাও পূৰণ নহয়।

দিল্লী-এনচিআৰঃ  দিল্লী আৰু ইয়াৰ আশে-পাশে থকা গুৰুগ্ৰাম, নয়ডা, গাজিয়াবাদ আদি অঞ্চলেও বাজেট সচেতন লোকৰ বাবে অতি ব্যয়বহুল মহানগৰৰ তালিকাত যোগদান কৰিছে। ইয়াতো সাধাৰণ ৱান BHK ফ্লেটৰ ভাড়া ১৭,০০০ৰ পৰা ২০,০০০ৰ ভিতৰত। 

চেন্নাইঃ  এসময়ত চেন্নাইক সুলভ মূল্যৰ দক্ষিণৰ মহানগৰ হিচাপে গণ্য কৰা হৈছিল যদিও এতিয়া ইয়াত ভাড়াৰ দাম দ্ৰুতগতিত বৃদ্ধি পাইছে। পুনৰ উন্নয়ন প্ৰকল্প, উন্নত আন্তঃগাঁথনি, আৰু বৃদ্ধি পোৱা নিয়োগৰ সুযোগে গৃহ নিৰ্মাণৰ চাহিদাক ইন্ধন যোগাইছে। ইয়াত ৱান BHK ফ্লেটৰ ভাড়া প্ৰায় ১৫,০০০টকা। 

কেৱল মহানগৰেই নহয়, চণ্ডীগড়, আহমেদাবাদ, হায়দৰাবাদৰ দৰে চহৰবোৰো ভাড়া বৃদ্ধিৰ প্ৰভাৱত লৰচৰ কৰি আছে। চণ্ডীগড়ত ৱান BHK ফ্লেটৰ দাম প্ৰায় ১৭,০০০টকা,  আনহাতে আহমেদাবাদত প্ৰায় ২০,০০০ টকা, আৰু হায়দৰাবাদত ১৬,০০০ টকা।

বেংগালুৰু