/asomiyapratidin/media/media_files/2025/11/06/1-2025-11-06-19-29-40.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ মন্ত্ৰী অশোক সিংহলক টাৰ্গেত কৰিছে নে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই? নে শইকীয়াৰ অভিযোগৰ আঁৰত আছে অন্য কিবা ৰহস্য! সেয়া এতিয়া সন্দেহৰ আৱৰ্তত। কিয়নো কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ অভিযোগৰ পিচতেই এতিয়া পোহৰলৈ আহিছে আন এক ভয়ংকৰ তথ্য।
হঠাত জুবিন ক্ষেত্ৰৰ সমীপত, জনজাতীয় বেল্টৰ মাটি মন্ত্ৰী অশোক সিংহলে দখল কৰি আছে বুলি অভিযোগ আনিছিল কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়াই। শইকীয়াৰ এই অভিযোগ খণ্ডন কৰাই নহয়, অভিযোগ পৰ্মাণ কৰিব পাৰিলে ৰাজনীতি আৰু অসম এৰি হিমালয়লৈ যাবগৈ বুলি বিধায়ক শইকীয়াক প্ৰত্যাহ্বান জনাইছিল মন্ত্ৰী অশোক সিংহলে।
মন্ত্ৰী সিংহলৰ প্ৰত্যাহ্বান কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই কেনেদৰে গ্ৰহণ কৰে সেয়া সময়ত দেখা যাব, কিন্তু দেৱব্ৰত শইকীয়াই অনা অভিযোগৰ পিচতেই এতিয়া পোহৰলৈ আহিছে আন এক ভয়ংকৰ তথ্য।
এক নিৰ্ভৰযোগ্য সূত্ৰ অনুসৰি সোণাপুৰৰ জনজাতীয় বেল্টত পট্টা নং ৮৩ দাগ নং ২১০/৩৯৯ৰ ৪ বিঘা ৪ কঠা, পট্টা নং ৮৬ দাগ নং ২১০/৪০২ৰ ৩ বিঘা ভূমি , পট্টা নং ৮৭ দাগ নং ২১০/৪০৩ ৪ বিঘা ৩ কঠা মাটি আৰু পট্টা নং ৮৯ দাগ নং ২১০/৪০৫ৰ ৬ বিঘা ১২ লেছা ভূমি এটা বিশেষ পৰিয়ালৰ নামত আছে।
জনৈক গগৈ উপাধিৰ এজন লোক আৰু তেওঁৰ পৰিয়ালৰ নামত মুঠতে ১৩ বিঘা ভূমি আছে এই জনজাতীয় বেল্টত। শেহতীয়াভাৱে এই ১৩ বিঘা ভূমি এটা বন্ধ হৈ যোৱা কোম্পানীলৈ হস্তান্তৰ কৰিছে পৰিয়ালটোৱে।
স্থানীয় ৰাইজৰ মাজত হোৱা চৰ্চা মতে এই "গগৈ পৰিয়াল"টো এজন প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সম্পৰ্কীয়। সেয়ে কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই মন্ত্ৰী অশোক সিংঘলৰ বিৰুদ্ধে অনা অভিযোগ আৰু এই বিশেষ পৰিয়ালটোৰ নামত ১৩ বিঘা ভূমি থকা বিষয়টোৱে সৃষ্টি কৰিছে ৰহস্যৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us