প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৩খন গাড়ী ৩০কোটিৰ! আম্বানীৰ এখন গাড়ীৰ দাম ৩০কোটি...

মুকেশ আম্বামী আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। এই দুয়োগৰাকী প্ৰভাৱশালী ব্যক্তিয়ে অতি সুৰক্ষিত আৰু উন্নত মানদণ্ডৰ বাহন ব্যৱহাৰ কৰে। কিন্তু আপুনি জানেনে এই দুয়োগৰাকীৰ ভিতৰত কাৰ ওচৰত বেছি দামী গাড়ী

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ujj

ডিজিটেল ডেস্কঃ মুকেশ আম্বামী আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। এই দুয়োগৰাকী প্ৰভাৱশালী ব্যক্তিয়ে অতি সুৰক্ষিত আৰু উন্নত মানদণ্ডৰ বাহন ব্যৱহাৰ কৰে। কিন্তু আপুনি জানেনে এই দুয়োগৰাকীৰ ভিতৰত কাৰ ওচৰত বেছি দামী গাড়ী আছে। বহুতে ভাৱে যে, দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ওচৰতেই সৰ্বাধিক দামৰ গাড়ীখন থাকিব।  কিন্তু এনে নহয়।

aaee708a-240e-4b1f-9f59-f09df47d9a8d

প্ৰধানমন্ত্ৰীতকৈ বহুগুণে দামী গাড়ী ব্যৱহাৰ কৰে মুকেশষ আম্বানীয়ে।  এক কথাত কবলৈ গ'লে প্ৰধামন্ত্ৰী মোডীয়ে ব্যৱহাৰ কৰা বিশেষ ৩খন গাড়ীৰ মূল্য একলগ কৰিলে যিমান হ'ব, মুকেশ আম্বানীয়ে ব্যৱহাৰ কৰা একমাত্ৰ গাড়ীখনৰ মূল্য তাতকৈ বহু বেছি।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সাধাৰণতে ৩খন গাড়ী ব্যৱহাৰ কৰে। সেইকেইখন হৈছে- Mercedes-Maybach S650 Guard,  Range Rover Sentinel আৰু BMW 7 Series High Security। এই তিনিখন বাহনৰ মূল্য সৰ্বমুঠ ৩২কোটি টকা।

আনফালে মুকেশ আম্বানীয়ে ব্যৱহাৰ কৰা গাড়ীসমূহ হৈছে- Rolls Royce Cullinan Bulletproof, Mercedes Benz S 680 Guard আৰু Rolls Royce Phantom EWB। এই তিনিখন বাহনৰ মূল্য ৪৬কোটি টকা। উল্লেখ কৰা প্ৰয়োজন যে, আম্বানীয়ে ব্যৱহাৰ কৰা Rolls Royce Cullinan Bulletproof গাড়ীখনৰ মূল্য প্ৰায় ৩০কোটি।

এনে ক্ষেত্ৰত দেখা যায় যে, প্ৰধানমন্ত্ৰীতকৈ কেইবাকোটি টকীয়া দামী গাড়ী ব্যৱহাৰ কৰে মুকেশ আম্বানীয়ে। 

fce9191a-43a9-4739-94b2-0d407c41448b

মুকেশ আম্বানী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী