/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/nrc-hhhj-kapili.jpg)
✦অভিষেক দাস
'যোৱা নিশা অকণো টোপনি নাহিল। বিছনাত বহি কেৱল কান্দিলো আৰু কান্দিলো। বাৰে বাৰে ভাহি উঠে তাইৰ সেই নিষ্পাপ মুখখন। বাধা দিলেও বৈ আহে চকুপানী। কি যে বীভৎস দিন আছিল সেইবোৰ। ইমানদিনে সেই সকলোবোৰ পাহৰি আছিলো। এতিয়া আকৌ উক দি উঠিছে। মাজে মাজে এই জীৱনটোক লৈয়ে ধিক্কাৰ ওপজে।'-দেশ হেৰোৱা মানুহৰ কাহিনী এয়া।
জীৱনক লৈ কিয় ধিক্কাৰ ওপজে এওঁলোকৰ? ইয়াৰ কাৰণ কি? সবিশেষ জানিবলৈ ওভতি যাব লাগিব অতীতলৈ। চন ১৯৭১। স্বাধীন বাংলাদেশৰ দাবীত তেতিয়া তুংগত চলিছে মুক্তি বাহিনীৰ আন্দোলন। সেই আন্দোলনত এইসকল লোকেও যোগ দিছিল। এটা সময়ত দেশ স্বাধীন হ'ল। পিছে দেশৰ পৰা হেৰাই গ'ল তেওঁলোক। কাৰ ভুলৰ বাবে এনে হ'ল সেয়া তেওঁলোকে নাজানে। তেওঁলোকে মাথো প্ৰাণ বচাবলৈ কি কৰিব পাৰি সেই উপায় বিচাৰিহে হায়ৰাণ হৈছিল।
মুক্তি বাহিনীৰ আন্দোলনত গঠন হ'ল স্বাধীন বাংলাদেশ। পিছে যি উদ্দেশ্যৰে মুক্তিৰ কথা কোৱা হৈছিল সেয়াহে হৈ নুঠিল। স্বাধীন দেশৰ স্বাধীন নাগৰিক হৈয়ো মৌলবাদীৰ হাতত পৰাধীন হ'বলগীয়া হ'ল তেওঁলোক। আনকি প্ৰাণৰ মমতাত এদিন দেশ এৰিবলৈকো বাধ্য হ'ল এইসকল মানুহ।
'দেশনো কি? য'ত শান্তিৰে জীয়াই থাকিব পাৰি, নিশাটো নিশ্চিন্ত মনে শুব পাৰি, কিবা এটা কৰি দুবেলা-দুমুঠি খাব পাৰি সেয়াই আমাৰ বাবে দেশ। য'ত মানুহে মানুহক মৰম কৰে সেয়াইতো দেশ। আমাৰ বাবে এতিয়া এইখনেই দেশ। ইয়াত আমি সকলোৰে মৰম পাইছো, কৰিবলৈ এটা কাম পাইছো। ইয়াতকৈ নো কি লাগিছে আমাক?'-বৃদ্ধ মানুহজনৰ মন্তব্য।
মানুহজনৰ ওঁঠযুৰি কঁপি উঠিছে। দুচকু চলচলীয়া হৈ পৰিছে। হয়তো অতীতে আমনি কৰিছে। অলপ ৰৈ আকৌ আৰম্ভ কৰিলে মানুহজনে, 'মোৰ চকুৰ সমুখতে, মোৰ চকুৰ সমুখতে তাইক সিহঁতে টানি লৈ গৈছিল। আৰু মই চাই আছিলো। কৰিমেই বা কি? কৰিলেই বুকুত গুলী লাগিব। নহ'লে গুমটি নৈত ডিঙি কাটি উটুৱাই দিব। দুদিন ৰৈ দিছিলো অলপ আগত সিহঁতে নেদেখা ঠাইত। তাইৰ আশাত। তাই নাহিল। লগৰবোৰে বুজালে। এই কপালে ক'লৈ লৈ আহিল গমেই নাপালো। এই ঠাইত মানুহৰ মৰম পাইছো। পিছে এতিয়া আকৌ ভয় হৈছে। এইবাৰ বা আমাৰ ঠিকনা কি হয় সেয়া তেৰাইহে জানে!'
জনৈক দেৱনাথ উপাধিৰ লোকজনৰ আকৌ ভয় হৈছে। কেৱল দেৱনাথৰে নহয়, তেওঁৰ দৰে আৰু হাজাৰজন এতিয়া শংকিত। আশীৰ দশকৰ পিছত মাজতে কেইদিনমান ভয়-শংকাবিহীনভাৱে কটাইছিল যদিও এইবাৰ আকৌ ভয়ে বাহ লৈছে নগাঁও জিলাৰ কপিলীৰ পাৰৰ অতিকমেও ৫০০০ লোকৰ বুকুত।
কপিলীৰ পাৰৰ কামপুৰ, কচুৱা, গেৰজাইপাম, লংজাপ, পদুমণি, দক্ষিণ আমেৰি, উত্তৰ আমেৰি, ডালিমবাৰী, ভকচং আদি বিভিন্ন ঠাইত সিঁচৰতি হৈ আছে এইসকল দেশ হেৰুওৱা লোক। সময়ৰ আহ্বানত প্ৰাণৰ মমতাত যেতিয়া তেওঁলোকে আহি অসমত ভৰি থৈছিল তেতিয়া তেওঁলোকৰ নাছিল কোনো ঠিকনা। এনে বিলৈ-বিপত্তি দেখি তেতিয়াৰ ৰাজহ মন্ত্ৰী লক্ষ্যশ্বৰ গোহাঁইয়ে ছন পৰি ৰোৱা কপিলীৰ পাৰৰ এই শস্য-শ্যামলা ঠাইতে মানুহখিনিক সংস্থাপনৰ দিহা কৰে।
কপিলীৰ পাৰত বসতি আৰম্ভ কৰিয়েই খেতি-বাতি আৰম্ভ কৰে মানুহখিনিয়ে। একাংশই আৰম্ভ কৰে তাতশালৰ কাম। তদানীন্তন ৰাজহ মন্ত্ৰীগৰাকীৰ সহায়-সহযোগিতাত তাঁতীৰ কাম জনা মানুহখিনিয়ে অসমৰ পৰম্পৰাগত সাজপাৰ ববলৈ লয়। সেই তেতিয়াৰে পৰা এইসকল লোকে তাতশালত বৈ আহিছে অসমীয়া আৰ্হিৰ চাদৰ-মেখেলা, আৰনাই। বৰ্তমান নগাছাল, দখনা, গামোচাকে আদি কৰি অসমৰ প্ৰায় প্ৰতিটো জাতি-জনগোষ্ঠীৰে পৰম্পৰাগত সাজপাৰ বয় এইসকল লোকে।
এইসকল লোকে নিজ হাতে বৈ ওলোৱা এনে পৰম্পৰাগত সাজপাৰে অসমৰ থলুৱা বস্ত্ৰ উদ্যোগটোক এক নতুন মাত্ৰা প্ৰদান কৰাৰ ক্ষেত্ৰত যথেষ্ট সফল হৈছে। হাতে বোৱা এনে কাপোৰক লৈ গঢ়ি উঠা বজাৰখনে মানুহখিনিৰ লগতে আৰু বহুজনকে দিছে সংস্থাপনৰ সুযোগ।
কপিলীৰ পাৰত বাস কৰিবলৈ লোৱাৰ পিছত লাহে লাহে নতুন পৰিচয় পাবলৈ লৈছিল মানুহখিনিয়ে। দেশ হেৰোৱাৰ দুখত দুখী মানুহখিনিয়ে ন-অসমীয়া নাম পাই অনুভৱ কৰিছিল সুখ। ক'ব নোৱৰাকৈয়ে তেওঁলোকে শিকি পেলাইছিল অসমীয়া অ-আ-ক-খ। ল'ৰা-ছোৱালীক পঠিয়াবলৈ লৈছিল অসমীয়া মাধ্যমৰ বিদ্যালয়লৈ। কেৱল সেয়াই নহয়, মানুহখিনিৰ নতুন প্ৰজন্মই নিজক অসমীয়া বুলিয়েই জানে।
পিছে সেই সুখ আগৰ দৰেই ভয়-শংকালৈ পৰ্যবসিত হ'বলৈ বেছিসময় নালাগিল। দিন যিমানেই গৈছে সিমানেই বাঢ়ি আহিছে মানুহখিনিৰ দুঃশ্চিন্তা। কি হ'ব সেয়া তেওঁলোকে নাজানে। কিন্তু নহ'বলগীয়া কিবা এটা যে হ'ব সেয়া বুজি উঠিছে সকলোৱে। 'ভয় লাগিছে, অলপ-অচৰপ। সকলো নেদেখাজনৰ ওচৰতেই এৰি দিছো। দেশ হয়তো আমাৰ ভাগ্যতেই নাই। আমি ইফালৰো নহ'লো, সিফালৰো নহ'লো। যি কাগজ বিচাৰিছে সেই কাগজ আমি দিমেই বা কেনেকৈ। কিছুমান কাগজ আমাৰ আছে। সেইবোৰ অফিচে মানি নলয়। এনে দিন আহিব বুলি তেতিয়া ভবাই নাছিলো। কোনোমতে প্ৰাণ বচোৱাটোৱেই আমাৰ লক্ষ্য আছিল। এতিয়া ভাব হৈছে প্ৰাণ বচোৱাটোৱো যেন আমাৰ আন এক ভুল আছিল।'-দেশ হেৰোৱা ৫০০০ লোকৰ মাজৰ এজনৰ শংকাপূৰ্ণ মন্তব্য এয়া।
সকলো ঠিকে-ঠাকে চলি থকাৰ মাজতে এন আৰ চিয়ে এতিয়া এনেকৈয়ে শংকিত কৰি তুলিছে এই মানুহখিনিক। ভাগ্যতেই দেশ নাই বুলি ভাবিবলৈ বাধ্য হৈ পৰা মানুহখিনি কোনো কাৰণতে এন আৰ চিৰ অন্তৰ্ভূক্ত হোৱাতো সম্ভৱ নহয়। অসম চুক্তি অনুযায়ী এন আৰ চিত ১৯৭১ৰ আগতে অহাসকলৰ নামহে অন্তৰ্ভুক্ত হৈছে। পিছে এইসকল দেশ হেৰোৱা লোক অসমলৈ আহিছে ১৯৭২-৭৩ৰ ভিতৰত।
'এন আৰ চিত আমাৰ কাৰোৱেই নাম অহা নাই। এই অঞ্চলটোত আমি প্ৰায় ৫০০০জন মান মানুহ আছো। আমাৰ মা-দেউতাহঁতে কোৱা শুনো বাংলাদেশৰ কুমিল্লা জিলাৰ কথা। বাকী আমি একো নাজানো। আমাৰ জন্ম ইয়াত। আমি ইয়াৰ মাটি-পানীতে ডাঙৰ-দীঘল হৈছো। এইখনেই আমাৰ দেশ। আমি এনেকৈয়ে ভাবো। এন আৰ চিত নাম নাহিলেও এয়াই আমাৰ জন্মভূমি। বাকী আমি একো নাজানো।'-এইদৰে নিজৰ শংকা ব্যক্ত কৰে দেশ হেৰোৱা লোকসকলৰ মাজৰ নৱ প্ৰজন্মৰ এজনে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/3b988e1b-d000-4b0f-9e9e-c1c24652b413-300x169.jpg)
উল্লেখ্য যে, অসমৰ ভিন্ন প্ৰান্তত বাংলাদেশ স্বাধীন হোৱাৰ প্ৰথম দুই-তিনিবছৰৰ ভিতৰত ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ বহু লোক ভাৰতত প্ৰৱেশ কৰিছিল। ইয়াৰে বহু লোকে বিভিন্ন শৰণাৰ্থী শিবিৰত আশ্ৰয় লোৱাৰ বিপৰীতে বহুতে ১৯৭১ৰ আগতে অহা লোকসকলৰ সৈতে চিনাকিসূত্ৰে মিলি বৈধ নাগৰিক হৈ বসবাস কৰিবলৈ সমৰ্থ হোৱা বুলিও সময়ে সময়ে ভিন্ন দল-সংগঠনে নিজ নিজ ধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰি আহিছে। বহুসংখ্যাকে আকৌ আনৰ লিগেচী ব্যৱহাৰ কৰি এন আৰ চিত নিজৰ নাম সুমুৱালৈ চেষ্টা চলাই ধৰাও পৰিছে। ইয়াৰ মাজতে এনেদৰে অসহায় হৈ ৰৈছে কপিলীৰ পাৰৰ এই ৫সহস্ৰাধিক লোক।
এইখিনি লোকক লৈ দোমোজাত পৰিবলৈ বাধ্য হৈছে সমীপৱৰ্তী থলুৱা লোকসকলো। এটা ফালে যদি আইন-কানুনৰ কথা আহি পৰে আনফালে আহি পৰে মানৱীয়তাৰ কথা। এফালে যদি আহি পৰে অসমীয়া জনজীৱনলৈ লোকসকলে নিজ নিজ চেষ্টাৰে আগবঢ়োৱা অৱদানৰ কথা আনফালে আহি পৰে জাতীয় অস্তিত্ব ৰক্ষাৰ কথা। আহি পৰে অসম আন্দোলনৰ ৮৫৫গৰাকী শ্বহীদৰ ত্যাগৰ কথা। তাতেই আকৌ অসম আন্দোলনৰ ভৰপক সময়ত কপিলীৰ পাৰৰ কচুৱাত অবৈধ বাংলাদেশীৰ হাতত প্ৰাণ হেৰুৱাইছিল বহু অসমীয়াই।
সেই একেই সমস্যা মানুহখিনিৰো। দেশ হেৰুৱাই আন এখন দেশলৈ আহি মানুহৰ মৰমত আকোৱালি লৈছিল এখন নতুন ঠাইক। প্ৰেমত পৰিছিল কপিলীৰ। সহৱস্থান কৰিছিল কপিলীৰ বুকুৰে বাগৰা বহু বান-খহনীয়াৰ। পিছে তেওঁলোকৰ সমুখত এই মুহূৰ্তত সকলো ধুৱলী-কুঁৱলী। এন আৰ চিয়ে অসহায় মানুহখিনিৰ নতুন প্ৰজন্মক জন্মসূত্ৰে লাভ কৰা দেশক নিজৰ দেশ বুলি ক'বলৈ অধিকাৰ দিব নে নাই সেই উত্তৰ তেওঁলোকৰ হাতত নাই। যদি নিদিয়ে তাৰ পিছত কি হ'ব সেয়াও তেওঁলোকে জনাতো সম্ভৱ নহয়। হয়তো অতীত সুঁৱৰি উচুপি উঠা মানুহজনৰ দৰে নতুন প্ৰজন্ময়ো এদিন উচুপি উঠি ক'ব, 'দেশনো কি? মানুহৰ মৰমেই দেশ। আমাৰ ভাগ্যতেই দেশ নাই। কিন্তু মানুহৰ মৰম? আমি মানুহৰ মৰমক লৈয়ে জীয়াই থাকিব লাগিব।'
এনেকৈয়ে এতিয়া শংকিত মনেৰেই দিন কটাইছে কপিলীপৰীয়া মানুহখিনিয়ে। সকলো সময়ৰ হাতত এৰি দি তেওঁলোকে কৰি গৈছে নিজৰ কাম। তাঁতশালৰ খট-খট শব্দত তল পৰিছে সকলো ভয়-শংকা। নাচনীজৰীত হাত যিমানেই জোৰকৈ চলিছে সিমানেই চমু চাপি আহিছে বৈ থকা কাপোৰখন শালৰ পৰা কাটি উলিওৱাৰ সময়। সেই সময়েই তেওঁলোকক পাহৰাই দিয়ে ১৯৭১ৰ কথা, পাহৰাই দিয়ে ২০১৮ৰ কথা।