সম্ভেদ ওলাইছে প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ...

প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ ক’ত? কিয় তেওঁৰ ৰাজহুৱা উপস্থিতিৰ কোনো তথ্য নাই?  এনে প্ৰশ্নৰ মাজতে পদত্যাৰ ২৫ দিনৰ পিছত জগদীপ ধনখড়ৰ ওলাল খবৰ। 

author-image
Tushar Pratim
New Update
সম্ভেদ ওলাইছে প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ...

ডিজিটেল ডেস্কঃ যোৱা ২১ জুলাইত হঠাৎ পদত্যাগ কৰিছিল দেশৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে। তেওঁৰ পতদ্যাগৰ আঁৰৰ কাৰণ হিচাপে স্বাস্থ্যজনিত দিশটোক উল্লেখ কৰিছিল। কিন্তু তেওঁ যিধৰণে পদত্যাগ কৰিলে তাক লৈ নানান ৰহস্যৰ সৃষ্টি হ’ল। বহুতেই ধাৰণা কৰিছিল হেঁচাত পৰা পদত্যাগ কৰিবলৈ বাদ্য হোৱা ধনখড়ে পৰৱৰ্তী সময়ত তেওঁৰ পদত্যাগৰ আঁৰৰ প্ৰকৃত কাৰণ ৰাজহুৱা কৰিব। 

Advertisment

কিন্তু ভবাৰ দৰে কথাবোৰ নহ’ল। বৰঞ্চ সেই দিনাৰ পৰা তেওঁক কোনেও ক’তো প্ৰত্যক্ষ কৰা নাই। সেয়ে বিৰোধী দলৰ সাংসদসকলেও বহুবাৰ প্রশ্ন কৰিছে যে জগদীপ ধনখৰ ক’ত? কিয় তেওঁৰ ৰাজহুৱা উপস্থিতিৰ কোনো তথ্য নাই?  এনে প্ৰশ্নৰ মাজতে পদত্যাৰ ২৫ দিনৰ পিছত জগদীপ ধনখড়ৰ ওলাল খবৰ। 

খবৰ অনুসৰি প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ পূৰ্বে য’ত আছিল তাতেই আছে। অৰ্থাৎ তেওঁ এতিয়াও উপ-ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসগৃহতে আছে। যদিও ধনখৰে এতিয়ালৈকে কোনো বক্তব্য দিয়া নাই আৰু তেওঁক কোনো ৰাজহুৱা স্থানত দেখা পোৱা নাই, তথাপিও তেওঁ ভাইচ প্ৰেচিডেণ্ট এনক্লেভতে আছে। 

৬ আগষ্টত ৰাজ্যসভা সচিবালয়ে ধনখৰৰ জ্যেষ্ঠ ব্যক্তিগত সহায়ক কৌস্তুভ সুধাকৰ ভালেকৰক প্ৰাক্তন উপ-ৰাষ্ট্ৰপতিগৰাকীৰ ব্যক্তিগত সহায়ত হিচাপে নিযুক্তি দিয়ে। ধনখৰ যোৱা বছৰৰ এপ্ৰিল মাহত চাৰ্চ ৰোডত নিৰ্মিত ভাইচ প্ৰেচিডেণ্ট এনক্লেভলৈ স্থানান্তৰিত হৈছিল। এই  এনক্লেভ কেন্দ্ৰীয় ভিষ্টা পুনৰ উন্নয়ন প্ৰকল্পৰ অধীনত উপ-ৰাষ্ট্ৰপতিৰ বাসগৃহ আৰু কাৰ্যালয়ৰ বাবে নিৰ্মাণ কৰা হৈছে।

তেওঁ পদত্যাগ কৰাৰ পিছত চৰ্চা হৈছিল হয়তো অতি সোনকালে উপ-ৰাষ্ট্ৰপতিৰ বাসগৃহ এৰি তেওঁ লাভ  কৰা টাইপ-৮ বাংলোলৈ স্থানান্তৰিত হ’ব। ইয়াৰ বাবে তেওঁ শ্বিফটিঙৰ বাবেও প্ৰস্তুতি আৰম্ভ কৰিছে। অৱশ্যে এতিয়ালৈকে তেওঁ উপ-ৰাষ্ট্ৰপতিৰ বাসগৃহ এৰা নাই।

উপ-ৰাষ্ট্ৰপতি হিচাপে অৱসৰ গ্ৰহণৰ পিছত তেওঁ এতিয়া দিল্লীৰলুটিয়েন্স জ’নৰ এটা টাইপ-৮ চৰকাৰী বাংলোৰ অধিকাৰী। এনে ধৰণৰ বাংলো যথেষ্ট ডাঙৰ আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ, কেন্দ্ৰীয় চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী আদিক দিয়া হয়। সাধাৰণতে ইয়াৰ আয়তন আঠ হাজাৰৰ পৰা ছাৰে আঠ হাজাৰ ফুট পৰ্যন্ত হয়।

উল্লেখ্য যে,  ৰাজ্যসভাৰ সাংসদ তথা উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা কপিল ছিব্বাল, শিৱসেনাৰ (ইউবিটি)ৰ সাংসদ সঞ্জয় ৰাউতকে ধৰি বহু নেতাই জগদীপ ধনখৰক লৈ প্ৰশ্ন উত্থাপন কৰি আহিছিল। সঞ্জয় ৰাউতে গৃহমন্ত্ৰী অমিত শ্বাহলৈ এক পত্ৰ প্ৰেৰণ কৰি উল্লেখ কৰিছিল প্ৰাক্তন উপ-ৰাষ্ট্ৰপতিগৰাকী ক’ত আছে, তেওঁৰ বৰ্তমানৰ ঠিকনা কি আৰু তেওঁৰ স্বাস্থ্য কেনেকুৱা সেই বিষয়ে কোনো তথ্য নাই। এই বিষয়ে একো কথাই স্পষ্ট নহয়। ৰাজ্যসভাৰ একাংশ সদস্যই তেওঁৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু একো তথ্যই লাভ নকৰিলে। 

উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়