গৰিমা শইকীয়াক প্ৰথম ক’ত লগ পাইছিল জুবিন গাৰ্গে...

জ্বলি উঠা জুই হৈ’, ‘এতিয়া আকাশত হেঁপাহৰ ফুলনি’, ‘ৰং তুমি হোৱানে’, ‘তুমি চোৱা যেতিয়া দুচকু তুলি’ ইত্যাদি সেই সময়ত সৃষ্টি কৰা জুবিন গাৰ্গৰ অনুপম সৃষ্টি। ইয়াৰ পাছত জুবিন গাৰ্গ আৰু গৰিমা শইকীয়াৰ প্ৰেমৰ কথা

author-image
Asomiya Pratidin
New Update
452

ডিজিটেল ডেস্ক : জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গৰ সম্পৰ্ক ৩০টা বসন্তৰো অধিক। ২০০২চনত বিবাহপাশত আৱদ্ধ হোৱাৰ বহু বছৰ পূৰ্বে জুবিন গাৰ্গে লগ পাইছিল গৰিমা শইকীয়াক। 

তেতিয়া জুবিন গাৰ্গ ‘জুবিন গাৰ্গ’ হোৱাই নাছিল। নাছিল তেওঁৰ কোনো গীতৰ এলবাম। তেওঁ আছিল এগৰাকী বাদ্যযন্ত্ৰী শিল্পী। লোনা সোণোৱাল, জিতুল সোণোৱাল আদি কণ্ঠশিল্পীৰ লগত বাদ্য সংগত কৰিছিল জুবিন গাৰ্গে। 

অৱশ্যে ইয়াৰ মাজতে তেওঁ তেওঁৰ সংগীত চৰ্চা অৱ্যাহত ৰাখিছিল। কেইবাটাও গান তেওঁ সেই সময়তে সুৰ আৰু সংগীত কৰিছিল যদিও আনুষ্ঠানিকভাৱে গোৱা নাছিল। 

এনেদৰে সংগীত চৰ্চা কৰি থকাৰ মাজতে এদিন তেওঁ আহিছিল কটন মহাবিদ্যালয় (এতিয়া বিশ্ববিদ্যালয়)লৈ। কটনত আছিল সেই সময়ৰ কণ্ঠশিল্পী চিন্তামণি। জুবিন গাৰ্গে চিন্তামণিৰ লগত বাদ্য সংগত কৰিবলৈ এদিন কটনলৈ আহিছিল আৰু তাতেই দেখা পাইছিল কটনত অধ্যয়নৰত গৰিমা শইকীয়াক। 

ইয়াৰ পাছত আৰু তেওঁলোকৰ দেখা-দেখি নাছিল। তাৰ কিছু বছৰ পাছত গৰিমা শইকীয়াই উচ্চ শিক্ষাৰ বাবে মুম্বাইৰ ছ’ফিয়া কলেজলৈ গৈছিল আৰু তাত তেওঁ ইংৰাজী সাহিত্যত অনাৰ্চ লৈ স্নাতক শিক্ষা গ্ৰহণ কৰিছিল। 

গৰিমা শইকীয়া মুম্বাইত থকাৰ সময়তে জুবিন গাৰ্গৰ দ্বিতীয়টো এলবাম ‘মায়া’ মুক্তি পাইছিল আৰু গৰিমা শইকীয়াই ‘মায়া’ৰ গীতকেইটি তেওঁৰ ভায়েক ভূপেশ শইকীয়াৰ পৰা শুনি জুবিন গাৰ্গলৈ চিঠি লিখিছিল। কালক্ৰমত সেই চিঠিত থকা গৰিমা শইকীয়াৰ হোষ্টেলৰ ঠিকনা লিখা টুকুৰাটো লৈ জুবিন গাৰ্গে গানৰ কামত মুম্বাইলৈ যাওঁতে গৰিমাক লগ কৰিছিল। 

এনেদৰে এদিন- দুদিন কৰি তেওঁলোকৰ বন্ধুত্ব গঢ় লৈ উঠিছিল। তাৰ পাছত সেই বন্ধুত্বই প্ৰেমৰ ৰূপ লৈছিল। জুবিন- গৰিমাৰ প্ৰেম চলি থকাৰ মাজতে জুবিন গাৰ্গে গৰিমা শইকীয়াক লৈ লিখিছিল কেইবাটাও কালজয়ী গীত। 

‘জ্বলি উঠা জুই হৈ’, ‘এতিয়া আকাশত হেঁপাহৰ ফুলনি’, ‘ৰং তুমি হোৱানে’, ‘তুমি চোৱা যেতিয়া দুচকু তুলি’ ইত্যাদি সেই সময়ত সৃষ্টি কৰা জুবিন গাৰ্গৰ অনুপম সৃষ্টি। ইয়াৰ পাছত জুবিন গাৰ্গ আৰু গৰিমা শইকীয়াৰ প্ৰেমৰ কথা দুয়োৰে ঘৰত জনোৱাৰ পাছত ২০০২চনৰ ৪ ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে দুয়ো বিবাহপাশত আৱদ্ধ হৈছিল। আৰু গৰিমা হৈ পৰিছিল গৰিমা শইকীয়া গাৰ্গ। জুবিন গাৰ্গৰ সুখ- দুখৰ লগৰী গৰিমা।

গৰিমা শইকীয়া গাৰ্গ জুবিন গাৰ্গ