কেতিয়া আহিব এছ আই টিৰ সন্মুখলৈ ছিংগাপুৰৰ আসাম এছ’ছিয়েছনৰ কৰ্মকৰ্তাসকল ?

জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ সৈতে নাম সাঙোৰ খোৱা প্ৰায় সকলোকে চি আই ডিৰ বিশেষ তদন্তকাৰী গোটে জেৰা কৰিছে।

author-image
Asomiya Pratidin
New Update
471

ডিজিটেল ডেস্ক :জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ সৈতে নাম সাঙোৰ খোৱা প্ৰায় সকলোকে চি আই ডিৰ বিশেষ তদন্তকাৰী গোটে জেৰা কৰিছে। কিন্তু এতিয়াও জেৰা কৰিবলৈ বাকী ১৯ ছেপ্তেম্বৰ ২০২৫ত এই ঘটনা সংঘটিত হোৱাৰ সময়ত জুবিন গাৰ্গৰ সৈতে য়টত থকা প্ৰবাসী অসমীয়া কেইগৰাকীক। 

ইয়াৰে তন্ময় ফুকন নামৰ প্ৰবাসী ছিংগাপুৰৰ অসমীয়াগৰাকীয়ে বন্দোৱস্ত কৰিছিল সাগৰত ফুৰিবলৈ যোৱা য়টখন। চি আই ডিৰ তদন্তকাৰী গোটে ছিংগাপুৰত সেইদিনা থকা ৮জন প্ৰবাসী অসমীয়াক জেৰাৰ বাবে তদন্তকাৰী দলৰ সন্মুখত উপস্থিত থাকিবলৈ জাননী প্ৰেৰণ কৰিছে। 

উক্ত প্ৰবাসী অসমীয়া কেইগৰাকীক ৬ অক্টোবৰৰ ভিতৰত জেৰাৰ বাবে হাজিৰ হ’বলৈ নিৰ্দেশ জাৰি কৰিছে যদিও এতিয়ালৈকে তেওঁলোক আহিব নে নাই সেয়া নিশ্চিত নহয় চি আই ডি। ইফালে ছিংগাপুৰৰ এক সূত্ৰই অসমীয়া প্ৰতিদিন ডিজিটেলক জানিবলৈ দিয়া মতে, চি আই ডিৰ জাননী লাভ কৰাৰ পাছত তেওঁলোকে প্ৰতিনিধিত্বমূলকভাৱে পৰীক্ষিত শৰ্মা নামৰ প্ৰবাসী অসমীয়াগৰাকীক চি আই ডিৰ সন্মুখলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে।

জুবিন গাৰ্গ