অসমৰ একমাত্ৰ চৰকাৰী বিকলাংগ সেৱা আৰু গৱেষণা কেন্দ্ৰৰ অবৰ্ণনীয় অৱস্থা

পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনত অতি দুখ লগাকৈ উপেক্ষিত হৈ আছে দিব্যাংগসকল। পুৰুষ, মহিলা, নিৱনুৱাসকলক চৰকাৰে বিভিন্ন আঁচনি প্ৰদান কৰাৰ সময়ত দিব্যাংগসকলে চৰকাৰৰ সুদৃষ্টিৰ বাবে অশ্ৰুসিক্ত নয়নেৰে বাট চাই থাকিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-28 at 3.02.29 PM

ডিজিটেল সংবাদ, গহপুৰ : পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনত অতি দুখ লগাকৈ উপেক্ষিত হৈ আছে দিব্যাংগসকল। পুৰুষ, মহিলা, নিৱনুৱাসকলক চৰকাৰে বিভিন্ন আঁচনি প্ৰদান কৰাৰ সময়ত দিব্যাংগসকলে চৰকাৰৰ সুদৃষ্টিৰ বাবে অশ্ৰুসিক্ত নয়নেৰে বাট চাই থাকিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে।

দিব্যাংগসকলৰ শাৰীৰিক সক্ষমতা অনুসৰি বিভিন্ন কামৰ প্ৰশিক্ষণ প্ৰদানেৰে উপাৰ্জনমুখী কৰিবলৈ অসম গণ পৰিষদ দলৰ কাৰ্যকালত অৰ্থাৎ ১৯৮৬ চনত অসমৰ ভিতৰতে প্ৰথমটো জনকল্যান তথা বিকলাংগ লোকৰ সেৱা আৰু গৱেষণা কেন্দ্ৰ স্থাপন কৰা হৈছিল বৰ্তমানৰ বিশ্বনাথ জিলা তথা তেতিয়াৰ অবিভক্ত শোণিতপুৰ জিলাৰ গহপুৰৰ ডুবিয়াত। ১১৩১/৮৬-৮৭ নম্বৰত চৰকাৰী পঞ্জীয়নভূক্ত কেন্দ্ৰটোৰ আৰম্ভ হোৱাৰ সময়তে কেন্দ্ৰটোৰ অন্তৰ্ভূক্ত শোণিতপুৰ, লক্ষিমপুৰ আৰু ধেমাজি জিলাৰ প্ৰায় ৮৫০ গৰাকী বিশেষ ভাবে সক্ষম লোকক প্ৰশিক্ষন দিয়াৰ ব্যৱস্থা কৰা হৈছিল।

WhatsApp Image 2025-11-28 at 2.55.17 PM

ইয়াৰ জৰিয়তে বহু সংখ্যক দিব্যাংগ উপকৃত হৈছিল। ইয়াৰ উপৰিও তেজপুৰৰ জিলা বিকলাংগ পুণৰ সংস্থাপন কেন্দ্ৰৰ জৰিয়তে ৫৪৫ গৰাকী বিকলাংগক পৰিচয় পত্ৰও প্ৰদান কৰা হৈছিল কেন্দ্ৰটোৰ জৰিয়তে। কিন্তু অতি দুখৰ বিষয় যে ২০০৪-০৫ চনলৈকে কাৰ্যক্ষম হৈ থকা উক্ত জনকল্যান তথা বিকলাংগ লোকৰ সেৱা আৰু গৱেষণা কেন্দ্ৰটোৰ প্ৰতি সেই সময়ত কংগ্ৰেছ চৰকাৰে আৰু বৰ্তমান সময়ত বিজেপি চৰকাৰে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত নহ'ল।

যাৰ ফলত কেন্দ্ৰটোৰ কাৰ্যালয়, শ্ৰেণীকোঠা আৰু প্ৰশিক্ষাৰ্থীসকলক আহাৰ যোগান ধৰাৰ বাবে নিৰ্মাণ কৰা ৰান্ধনি গৃহ লাহে লাহে জৰাজীৰ্ণ অৱস্থালৈ গতি কৰিলে। লগতে কেন্দ্ৰটোৰ ভূমিও একাংশ বেদখলকাৰীৰ কৱলত পৰিল।

পৰৱৰ্তী সময়ত তথা ২০১৬ চনত উক্ত কেন্দ্ৰটোৰ এটা কোঠা উত্তৰ অসম দিব্যাংগ সন্থাৰ গহপুৰ শাখাৰ কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰি থকা পৰিলক্ষিত হয়। গহপুৰ সমজিলাৰ ডুবিয়াস্থিত জনকল্যান তথা বিকলাংগ লোকৰ সেৱা আৰু গৱেষণা কেন্দ্ৰটো জীৱিত অৱস্থাত থকা হ'লে বহু সংখ্যক দিব্যাংগই কেন্দ্ৰটোত বিভিন্ন কামৰ প্ৰশিক্ষন গ্ৰহন কৰি তাৰ জৰিয়তে উপাৰ্জনমূখী হ'ব পাৰিলে হয়।

WhatsApp Image 2025-11-28 at 2.55.16 PM

প্ৰকৃতাৰ্থত যদি উক্ত কেন্দ্ৰটো কাৰ্যক্ষম হৈ থকা হ'লে বহু দিব্যাংগই চৰকাৰৰ আঁচনিলৈ বাট নাচাই নিজেই কিবা এটা কৰ্ম কৰি জীৱন পথত অগ্ৰসৰ হোৱাৰ সম্পূৰ্ণ নিশ্চয়তা আছিল। চৰকাৰে মহিলা, বয়োজ্যেষ্ঠ, নিৱনুৱা সকলক বিভিন্ন আঁচনিৰে সামৰি লোৱাৰ সময়ত দিব্যাংগ সকলক স্ব নিৰ্ভৰশীল হ'বলৈ গহপুৰৰ বিকলাংগ সেৱা আৰু গৱেষণা কেন্দ্ৰটো পুণৰোজ্জীৱিত কৰাৰ পদক্ষেপ চৰকাৰে গ্ৰহণ কৰা হ'লে বহু সংখ্যক দিব্যাংগ উপকৃত হ'ল হয়। এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই  সুদৃষ্টি প্ৰদানৰ বাবে আহ্বান জনাইছে সকলো ফালৰে পৰা উপেক্ষিত হৈ থকা গহপুৰৰ দিব্যাংগসকলে।

gohpur