জন্মাষ্টমী কেতিয়া ১৬ আগষ্ট নে ১৪ চেপ্টেম্বৰ ! পঢ়ক সবিশেষ...

শ্ৰীকৃষ্ণৰ জন্মাষ্টমীক লৈ বিভ্ৰান্তিত পৰিছে এতিয়া বহু লোক। জন্মাষ্টমীৰ তিথিক লৈ এতিয়া একাংশ লোকৰ মনত উদয় হৈছে চিন্তাৰ

author-image
Asomiya Pratidin
New Update
108

ডিজিটেল ডেস্ক : শ্ৰীকৃষ্ণৰ জন্মাষ্টমীক লৈ বিভ্ৰান্তিত পৰিছে এতিয়া বহু লোক। জন্মাষ্টমীৰ তিথিক লৈ এতিয়া একাংশ লোকৰ মনত উদয় হৈছে চিন্তাৰ। 

Advertisment

‘চিন্ময় মিছন’কে ধৰি বহু কেইটা ধৰ্মীয় প্ৰতিষ্ঠানে ৰাজহুৱা কৰা জন্মাষ্টমীৰ তাৰিখক লৈ এতিয়া বিভ্ৰান্তিত পৰিছে ভক্তসকল। ১৬ আগষ্ট আৰু ১৪ চেম্পেম্বৰ- এই দুটা তিথিক লৈ এতিয়া ধৰ্মপ্ৰাণ লোকসকলৰ মনত এই বিভ্ৰান্তিয়ে দেখা দিছে। 

স্বাভাৱিকতে অসমত জন্মাষ্টমী ভাদ মাহত পালন কৰা হয়। অতীতৰে পৰা চলি অহা পৰম্পৰা অনুসৰি ভাদ মাহৰ কৃষ্ণ অষ্টমী তিথিৰ দিনা পালন কৰা হয় শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। 

উল্লেখযোগ্য যে, ভাদ মাহৰ কৃষ্ণ পক্ষত যেতিয়া ৰোহিনী নক্ষত্ৰৰ অৱস্থান হয়, তেতিয়াই প্ৰভু শ্ৰীকৃষ্ণৰ জন্মাষ্টমী তিথি পালন কৰা হয়। এয়া হৈছে অতীতৰ পৰা অসমত পালন কৰা জন্মাষ্টমী তিথিৰ সবিশেষ। 

তাৰোপৰি কালচক্ৰ পূৰ্ণাংগ পঞ্জিকাতো জন্মাষ্টমীৰ বৰ্ণনা এনেদৰে কৰা হৈছে। সেই অনুসৰি অসমত ২৮ ভাদ, কৃষ্ণ পক্ষ, তিথি অষ্টমী আৰু ইংৰাজী ১৪ চেপ্তেম্বৰৰ দিনা জন্মাষ্টমী পালন কৰা হ’ব। ৰাজ্য চৰকাৰেও ১৪ ছেপ্তেম্বৰৰ দিনটো চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰিছে। 

আনহাতে চিন্ময় মিছনৰ দৰে দেশৰ কেতবোৰ ধৰ্মীয় প্ৰতিষ্ঠানে ৰাজহুৱা কৰা ৩০ শাওন ইংৰাজী ১৬ আগষ্টৰ দিনটোত জন্মাষ্টমী তথা নন্দোৎসৱ পালন কৰিবলৈ লোৱা কাৰ্যকো একাষাৰতে নুই কৰিব নোৱাৰি। কিয়নো সৰ্বভাৰতীয় কেলেণ্ডাৰ মতে বৃন্দাবনকে ধৰি ব্ৰজধামত ৩০ শাওন ইংৰাজী ১৬ আগষ্টত কৃষ্ণৰ জন্মষ্টমী অতি উলাহ-মালহেৰে পালন কৰা হ’ব।

পৰিশেষত পূৰ্বৰ নিয়ম আৰু পৰম্পৰা ৰক্ষা কৰি মূলতঃ ভাদ মাহতে অসমত জন্মাষ্টমী পালন কৰা হ’ব যদিও একাংশ লোকে ১৬ আগষ্টৰ দিনটোতো জন্মাষ্টমী পালনৰ বাবে আয়োজন চলাইছে।

জন্মাষ্টমী