বন্ধ হ'ল নেকি হোৱাটছএপঃ আদান-প্ৰদান কৰিব পৰা নাই মেচেজ...

author-image
Asomiya Pratidin
New Update
কিয় বন্ধ হৈছিল হোৱাটছ এপ সেৱা? চৰকাৰে মেটাক বিচাৰিছে উত্তৰ, দিছে ৪ দিন সময়

whatsapp

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বজুৰি হাহাকাৰ। কাম কৰা নাই হোৱাটছএপে। হোৱাটছএপ ব্যৱহাৰকাৰীসকলে প্ৰেৰণ কৰিব পৰা নাই কোনো বাৰ্তা। মেটাৰ অধীনস্ত হোৱাটছএপৰ সকলো সেৱাত জন্মিছে ব্যাঘাত।

অৱশ্যে এই পৰ্যন্ত মেটা কৰ্তৃপক্ষৰ ফালৰ পৰা কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা হোৱা নাই। ৰিয়েলটাইম মনিটৰ ডাউন ডিটেক্টৰৰ মতে, বিশ্বৰ বিভিন্ন প্ৰান্তত হোৱাটছএপৰ জৰিয়তে বাৰ্তা আদান-প্ৰদান কৰাত ব্যাঘাত জন্মিছে।