/asomiyapratidin/media/media_files/2026/02/12/78ac813b-83c7-470c-aa93-a78852c2ec6a-2026-02-12-11-08-00.jpg)
ডিজিটেল ডেস্কঃ বন্ধ হৈ পৰিব হোৱাটছ এপ। চৰকাৰে এইক্ষেত্ৰত জাৰি কৰিছে এক কঠোৰ নিৰ্দেশনা। ইতিমধ্যে পৰ্যায়ক্ৰমে হোৱাটছ এপৰ ভিন্ন সেৱা বন্ধ কৰিছে চৰকাৰে। ইয়াৰ ফলত লাখ লাখ লোকৰ জীৱনলৈ আহিছে ব্যাপক পৰিৱৰ্তন। পিছে হোৱাটছ এপ বন্ধ কৰাৰ এই নিৰ্দেশনা আমাৰ দেশৰ চৰকাৰে নহয়, ৰাছিয়া চৰকাৰেহে জাৰি কৰিছে।
দৰাচলতে ৰাছিয়া আৰু আমেৰিকাৰ কোম্পানীসমূহৰ মাজত উত্তেজনা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। হোৱাটছএপে কয় যে ৰাছিয়াই নিজৰ সেৱাত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিবলৈ চেষ্টা কৰিছে। ৰাছিয়াত ইতিমধ্যে হোৱাটছএপৰ কিছু সেৱা নিষিদ্ধ হৈ আছে আৰু এতিয়া শেহতীয়াকৈ স্থানীয় বাতৰিত কোৱা হৈছে যে ইয়াক সম্পূৰ্ণৰূপে ব্লক কৰা হৈছে।
ইয়াৰ পূৰ্বে ৰাছিয়াৰ যোগাযোগ চোৱাচিতাকাৰী সংস্থা ৰছকমনাডজৰে অনলাইন ডাইৰেক্টৰীৰ পৰা হোৱাটছএপ আঁতৰাই পেলোৱাৰ খবৰ ওলাইছিল। ইয়াত প্ৰায় ১০ লাখ ব্যৱহাৰকাৰীয়ে WhatsApp ব্যৱহাৰ কৰি আছে।
ইউক্ৰেইনৰ সৈতে যুদ্ধ আৰম্ভ হোৱাৰ পৰাই ৰাছিয়াই আমেৰিকাৰ কোম্পানীসমূহক এফালৰ পৰা এৰি আহিছে। তদুপৰি ৰাছিয়া চৰকাৰে বিচাৰে যে অধিক নাগৰিকে থলুৱা MAX নামৰ চৰকাৰী এপ এটা ব্যৱহাৰ কৰক । সমালোচকসকলে কয় যে চৰকাৰে নাগৰিকক ট্ৰেক কৰিবলৈ এই এপটো ব্যৱহাৰ কৰে।
উল্লেখ্য যে, যোৱা বছৰত ৰাছিয়াই হোৱাটছএপ আৰু টেলিগ্ৰাম কলিং নিষিদ্ধ কৰিছিল। ৰাছিয়াই দাবী কৰিছে যে দুয়োটা প্লেটফৰ্মে প্ৰৱঞ্চনা আৰু সন্ত্ৰাসবাদৰ সন্দৰ্ভত আইন প্ৰয়োগকাৰী সংস্থাৰ সৈতে তথ্য ভাগ-বতৰা কৰি আহিছে। একেদৰে ডিচেম্বৰ মাহত ৰাছিয়াই এপলৰ ফেচটাইম আৰু স্নেপচ্যাট নিষিদ্ধ কৰিছিল , এই এপসমূহৰ ব্যৱহাৰ প্ৰৱঞ্চনাত আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপৰ পৰিকল্পনা আৰু সম্পন্ন কৰাৰ অভিযোগ তুলি।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us