অসমলৈ আহি কি কি কাৰ্যসূচীত অংশ ল'ব প্ৰধানমন্ত্ৰীয়ে ?

প্ৰধানমন্ত্ৰী গৰাকীয়ে ২০ ডিচেম্বৰত গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰিব।

author-image
Asomiya Pratidin
New Update
new ap web 1 (31)

ডিজিটেল ডেস্কঃ অহা ২০-২১ ডিচেম্বৰত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভৰ জৰিয়তে সদৰী কৰে এই কথা।

প্ৰধানমন্ত্ৰী গৰাকীয়ে ২০ ডিচেম্বৰত গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰিব। ৪,০০০ কোটি টকা ব্যয়ৰে নিৰ্মিত এই নতুন টাৰ্মিনেলটো দেশৰ বাবে উৎসৰ্গা কৰা হ’ব। ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৮০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তিও বিমানবন্দৰ চৌহদত উন্মোচন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। বিমানবন্দৰৰ টাৰ্মিনেল উদ্বোধনৰ পিছত প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীস্থিত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত দলীয় কৰ্মীৰ সৈতে মত বিনিময় কৰিব।

ইফালে, ২১ ডিচেম্বৰত পুৱা প্ৰায় ৮ বজাত গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ নদী টাৰ্মিনেল পৰিদৰ্শন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে। ব্ৰহ্মপুত্ৰৰ বুকুত বিলাসী জাহাজত উঠি প্ৰায় ২৫-৩০ জন ছাত্ৰ-ছাত্ৰীৰ সৈতে ‘পৰীক্ষা পে চৰচা’ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ‘পৰীক্ষা পে চৰচা’ কাৰ্যসূচীত কেইবাগৰাকীও অসমৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। 

ইয়াৰ পাছতে বৰাগাঁৱৰ শ্বহীদ স্মাৰকত অসম আন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব প্ৰধানমন্ত্ৰীয়ে। পিছদিনা তেওঁ ডিব্ৰুগড়লৈ গৈ নামৰূপ-চতুৰ্থ এমোনিয়া-ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেডৰ বৰ্তমানৰ চৌহদত আনুমানিক ১০ হাজাৰ কোটি টকা বিনিয়োগেৰে স্থাপন কৰা হ’ব ব্ৰাউনফিল্ড এমোনিয়া-ইউৰিয়া কমপ্লেক্স। নামৰূপত এখন জনসভাতো ভাগ লব মোডীয়ে। 

মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, "আধাৰশিলা স্থাপনৰ পিছত অসমত উদ্যোগীকৰণৰ নতুন পৰ্যায় আৰম্ভ হ'ব। নামৰূপ-চতুৰ্থ উদ্যোগটোৱে বছৰি ১২ লাখ মেট্ৰিক টন ইউৰিয়া উৎপাদন কৰিব, যিয়ে ঘৰুৱা চাহিদা পূৰণ কৰিব আৰু লগতে ৰপ্তানিও কৰিব।"

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী