/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/3ba80c92-b62c-476d-9cdd-a70562a86c12.jpg)
ডিজিটেল ডেস্কঃ শুকুৰবাৰে স্বদেশ পাবহি ভাৰতীয় উইং কামাণ্ডাৰ অভিনৱ বৰ্থমান। বুধবাৰে ভাৰতৰ মাটিত আক্ৰমণ কৰিবলৈ অহা পাক বায়ু সেনাক প্ৰতিৰোধ কৰিবলৈ গৈ পাকিস্তান সেনাৰ হাতত বন্দী হৈ থকা উইং কামাণ্ডাৰ গৰাকীক মুকলি কৰি দিয়াৰ কথা ইতিমধ্যে পাক সংসদত ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী ইমৰান খানে। শান্তিৰ প্ৰতিষ্ঠাৰ স্বাৰ্থত পাকিস্তানে এই সিদ্ধান্ত লোৱা বুলি সংসদত ঘোষণা কৰিছে ইমৰান খানে।
ভাৰতীয় বায়ু সেনাৰ কামাণ্ডাৰ গৰাকীক মুকলি কৰি দিয়াৰ ঘোষণাৰ লগতে পাক সংসদত ইমৰান খানে ভাৰত-পাক যুদ্ধৰ সন্দৰ্ভতো ৰাখিলে বক্তব্য। সংসদত ইমৰান খানে কলে- ' বৰ্তমান যি পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ সন্দৰ্ভত মই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে যোগাযোগৰ চেষ্টা কৰিছিলো। আমি ভাৰতক স্পষ্ট কৰিব দিব বিচাৰিছিলো যে আনি কোনো ধৰণৰ যুদ্ধ নিবিচাৰো। ইয়াৰ কাৰণ এইটো নহয় যে পাকিস্তানে ভয় কৰে বা আমাৰ শক্তি নাই। আমাৰ সেনাই বিগত ১০-১২ বছৰে যেনেদৰে যুদ্ধ কৰি আহিছে আৰু এই অভিজ্ঞতাই পাক সেনাক আৰু অধিক মজবুত কৰি পেলাইছে। কিন্তু যুদ্ধৰ সন্দৰ্ভত আমি কোনো এখন দেশেই আগবাঢ়িব বিচৰা নাই আৰু ভাৰতেও নিবিচাৰে।' যুদ্ধৰ সন্দৰ্ভত পাক প্ৰধানমন্ত্ৰী গৰাকীয়ে বিশ্বৰ কেইবাগৰাকী নেতা সৈতে আলোচনা কৰা লগতে পাক বিদেশ মন্ত্ৰীয়েও কেইবাখনো দেশৰ বিদেশ মন্ত্ৰীৰ সৈতে আলোচনা কৰিছে বুলি জানিবলৈ দিয়ে। সকলোৱে বিচাৰিছে যে শান্তি স্থাপন হওক।'
উল্লেখ্য যে বৃহস্পতিবাৰে নতুন দিল্লীত ভাৰতীয় স্থল, নৌ আৰু বায়ু সেনাৰ যুটীয়া সংবাদমেলত পাকিস্তানক হুংকাৰ প্ৰদান কৰি কয় যে- পাকিস্তানৰ যিকোনো প্ৰত্যুত্তৰ দিবলৈ ভাৰতীয় সেনা সাজু।' এনে পৰিস্থিতিৰ মাজতে শুকুৰবাৰে ৱাঘা সীমান্তত পাকিস্তানত বন্দী অভিনন্দন বৰ্থমানক মুকলি কৰি দিব পাক চৰকাৰে।