/asomiyapratidin/media/media_files/2025/03/02/PtWZpIXqRIEsFOcAJ0yz.jpg)
ডিজিটেল ডেস্কঃ ৰিলায়েন্স জিঅ’ ইনফ’কম লিমিটেডৰ অধ্যক্ষ আকাশ আম্বানী, ২০২৫ চনৰ মুম্বাই টেক উইকত ভাষণ দি ভাৰতত টেক আৰু এআইৰ ভৱিষ্যত আৰু ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ ভূমিকা সম্পৰ্কে তেওঁৰ চিন্তাধাৰা ব্যক্ত কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দৃষ্টিভংগীক প্ৰশংসা কৰে।
ভাষণত তেওঁ কয় যে, এআই ভাৰতৰ অৰ্থনৈতিক বিকাশৰ ইঞ্জিন হিচাপে প্ৰমাণিত হ’ব। ইয়াৰ দ্বাৰা অনাগত বছৰবোৰত ১০ শতাংশ বা দুটা সংখ্যাৰ জিডিপি বৃদ্ধিৰ হাৰ লাভ কৰাত সহায়ক হ’ব। ভৱিষ্যত গঢ় দিয়াৰ বাবে এআই অতি গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে আকাশ আম্বানীয়ে। লগতে কয় যে, এআই হৈছে আমি আমাৰ জীৱনত দেখা আটাইতকৈ ডাঙৰ প্ৰযুক্তিগত পৰিৱৰ্তন।
ইয়াৰোপৰি তেওঁ প্ৰধানমন্ত্ৰী মোডীৰ প্ৰশংসাত পঞ্চমুখ হৈ কয় যে মোডী জীৰ দৰে এগৰাকী দূৰদৰ্শী নেতাই আমাক নেতৃত্ব দিয়াটো আমাৰ বাবে আটাইতকৈ ডাঙৰ আশীৰ্বাদ। আমি সদায় দূৰদৰ্শী হোৱা উচিত। মই ভাবো যে এই দেশৰ এআই মিছনৰ সৈতে প্ৰধানমন্ত্ৰী মোডীয়ে যি কৰিছে সেয়া এক আদৰ্শ।
ভাৰতক এআইৰ ক্ষেত্ৰত কৰি গঢ়ি তুলিবলৈ হ’লে তিনিটা মূল বিষয়ত গুৰুত্ব দিব লাগিব, এআইৰ আন্তঃগাঁথনি, গৱেষণা আৰু উন্নয়ন,দক্ষ প্ৰতিভা। তেওঁ কয় যে, ভাৰতৰ ডিজিটেল ৰূপান্তৰৰ বাবে বিশ্বমানৰ এআই আন্তঃগাঁথনিৰ বিকাশ অতি প্ৰয়োজনীয়।