কি হ'ল মন্ত্ৰী অতুল বৰাৰ ৬০ বিঘা ভূমিত উদ্ভিদ উদ্যান খোলাৰ প্ৰতিশ্ৰুতি ?

গোলাঘাট নগৰ তথা সমগ্ৰ গোলাঘাট জিলাখনৰেই নুমলীগড়, বোকাখাতকে আদি কৰি প্ৰায়বোৰ চহৰত বান্দৰৰ সন্ত্ৰাসে সাধাৰণ জনজীৱন ব্যাহত কৰি আহিছে।

author-image
Asomiya Pratidin
New Update
grferedss

ডিজিটেল সংবাদ, বোকাখাতঃ গোলাঘাট নগৰ তথা সমগ্ৰ গোলাঘাট জিলাখনৰেই নুমলীগড়, বোকাখাতকে আদি কৰি প্ৰায়বোৰ চহৰত বান্দৰৰ সন্ত্ৰাসে সাধাৰণ জনজীৱন ব্যাহত কৰি আহিছে। দ্ৰুত গতিত বৃদ্ধি হোৱা বান্দৰৰ সংখ্যা আৰু উপদ্ৰপৰ সমস্যা সম্প্ৰতি এই চহৰসমূহৰ দৈনন্দিন জীৱন যাত্ৰাৰ লগত একাকাৰ হৈ পৰিছে আৰু এই সমস্যা দ্ৰুতগতিত দাঁতি-কাষৰীয়া গাঁও সমূহলৈও বিয়পিছে।

অথচ দুৰ্ভাগ্যজনকভাৱে ইয়াৰ বিজ্ঞানসন্মত সমাধান সূত্ৰ আজিৰ তাৰিখলৈকে শাসনাধিষ্ঠ চৰকাৰখনে তৈয়াৰ কৰা দেখা নগ'ল। ইয়াৰ বিপৰিতে উন্নয়ণৰ নামত চহৰ-নগৰসমূহত যি সামান্য গছ-গছনি আদি আছিল তাৰো ধ্বংসযজ্ঞতহে জড়িত হৈছে চৰকাৰখন। ফলত বান্দৰৰ সমস্যা সমাধান সুদূৰ পৰাহত হৈ পৰিছে।

তেনে প্ৰেক্ষাপটত বান্দৰৰ সমস্যা সমাধানৰ অৰ্থে কেবিনেট মন্ত্ৰী অতুল বৰাই ২০১৬ চনতে প্ৰদান কৰা এক প্ৰতিশ্ৰুতিৰ কি হ'ল বুলি প্ৰশ্ন উত্থাপন কৰিছে গোলাঘাটবাসী সচেতন ৰাইজে। সেই সময়ত অৰ্থাৎ ২০১৬ চনত বিজেপি দলে অসমত চৰকাৰ গঠন কৰা সময়তে কেবিনেট মন্ত্ৰীত্ব লাভ কৰা অতুল বৰাই গোলাঘাট জিলাৰ উপায়ুক্তৰ সভাকক্ষত গোলাঘাটৰ বাবে CIDF (City Infrastructure Development Fund) পুঁজিৰ ১০০ কোটি আবণ্টিত হোৱা বুলি এখন সভা অনুষ্ঠিত কৰি এলানি উন্নয়নমূলক কামকাজ কৰাৰ লগতে বান্দৰৰ সমস্যাৰ সমাধানৰ বাবে গোলাঘাটৰ ধনশিৰি নদীৰ কাষতে নদীয়ে সৃষ্টি কৰা চাপৰিত প্ৰায় ৬০ বিঘা ভূমিত এখন উদ্ভিদ উদ্যান খোলাৰ লগতে নগৰৰ জলন্ত বান্দৰৰ সমস্যা লাঘব কৰিবলৈ ফল-মূল আদিৰ গছ আদি ৰোপণ কৰাৰ কথা প্ৰকাশ কৰিছিল আৰু সেই সময়ৰ উপায়ুক্ত গৌৰৱ বোথ্ৰাই লিপিবদ্ধ কৰি পৰবৰ্তী পৰ্যায়ত উদ্যান নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।

কিন্তু ২০১৬ চনৰ পৰা মন্ত্ৰী বৰাৰ কেবিনেট মন্ত্ৰীত্বৰ দহ বছৰ ওকলিল যদিও প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতিয়েই হৈ থাকিল। ৬০ বিঘা ভূমিৰ উদ্ভিদ উদ্যানতো দূৰৰে কথা বিগত দহটা বছৰে উক্ত অঞ্চলত বান্দৰৰ বাবে এজোপাও ফল-মূলৰ গছ পুলি ৰোপণ কৰা নহ'ল। সময় যোৱাৰ লগে লগে সেই আঁচনি ধোঁৱাচাঙতহে উঠিল।

শেহতীয়াকৈ বান্দৰৰ সমস্যা সমাধানৰ বাবে উদ্ভিদ উদ্যান খোলা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়া ৬০ বিঘা ভূমি অন্য কামতহে ব্যৱহাৰ কৰা হ'ব বুলি জানিব পৰা গৈছে। নগৰখনৰ বান্দৰৰ সমস্যাৰ বাবে বিগত ১০ বছৰে আঁচনি গ্ৰহণ কৰিও মূৰকত উদ্যান খন নিৰ্মাণ নকৰাত গোলাঘাটবাসীয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। ইফালে বৰ্তমান গোলকীয় উষ্ণতা বৃদ্ধিহৈ জলবায়ুৰ পৰিৱৰ্তনৰ হোৱাৰ বাবেও গোলাঘাট, নুমলীগড়, বোকাখাত আদি নগৰ-চহৰত একো একোটা সেউজ অঞ্চলৰ প্ৰয়োজন অপৰিহাৰ্য হৈ পৰিছে যদিও এইক্ষেত্ৰত চূড়ান্ত উদাসীন শাসনাধিষ্ঠ বিজেপি চৰকাৰ।

উল্লেখ্য যে, বিগত সময়চোৱাত গোলাঘাট নগৰৰ দৰেই নুমলীগড়, বোকাখাত চহৰত ক্ৰমাৎ বৃদ্ধি পোৱা বান্দৰৰ সমস্যা সমাধানৰ বাবে বিশেষ আঁচনি ৰূপায়ণ কৰা হ'ব বুলি সভায়ে-সমিতিয়ে বিগত দহটা বছৰে মন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰি আহিছিল যদিও অদ্যপৰিমিত কোনো আঁচনি গ্ৰহণ নকৰাত সেয়াও ভুৱা প্ৰতিশ্ৰুতিতহে পৰিণত হ'ল বুলি ক্ষোভ প্ৰকাশ কৰিছে সচেতন মহলে।

বোকাখাত