শত্ৰু সাৱধান! ভাৰতীয় সেনাৰ হাতত অচিৰেই পৰিব 'সুদৰ্শন চক্ৰ'...

আহি আছে ভাৰতীয় সেনাৰ সুদৰ্শন চক্ৰ। যোৱা ১৫আগষ্টত লালকিল্লাত দিয়া স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগন্তুক দশকবোৰত ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে অভিলাষী "সুদৰ্শন

author-image
Asomiya Pratidin
New Update
sudradhan

ডিজিটেল ডেস্কঃ আহি আছে ভাৰতীয় সেনাৰ সুদৰ্শন চক্ৰ। যোৱা ১৫আগষ্টত লালকিল্লাত দিয়া স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগন্তুক দশকবোৰত ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে অভিলাষী "সুদৰ্শন চক্ৰ অভিযান" ৰ কথা ঘোষণা কৰে ।

Advertisment

আত্মনিৰ্ভৰশীলতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ২০৩৫ চনৰ ভিতৰত দেশখনে ভগৱান শ্ৰীকৃষ্ণৰ সুদৰ্শন চক্ৰৰ পৰা প্ৰেৰণা লৈ নিৰাপত্তা আন্তঃগাঁথনি সম্প্ৰসাৰণ, শক্তিশালী আৰু আধুনিকীকৰণ কৰিব বিচাৰিছে ।

তেওঁ কয় যে, ‘‘অহা দহ বছৰত অৰ্থাৎ ২০৩৫ চনৰ ভিতৰত মই এই ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ঢালখন সম্প্ৰসাৰণ, শক্তিশালী আৰু আধুনিকীকৰণ কৰিব বিচাৰিছো । ভগৱান শ্ৰীকৃষ্ণৰ পৰা প্ৰেৰণা লৈ আমি সুদৰ্শন চক্ৰৰ পথ বাছি লৈছো…জাতিটোৱে আৰম্ভ কৰিব সুদৰ্শন চক্ৰ অভিযান ৷ আমাৰ যুৱ প্ৰজন্মৰ প্ৰতিভাক ব্যৱহাৰ কৰি এই সমগ্ৰ আধুনিক ব্যৱস্থাটো ভাৰততে গৱেষণা, বিকাশ আৰু তৈয়াৰ কৰা উচিত । 

প্ৰধানমন্ত্ৰী মোডীয়ে লগতে কয় যে,  ভাৰতে আইৰন ড’মৰ দৰে নিজাকৈ প্ৰতিৰক্ষা ব্যৱস্থা গঢ়ি তোলাৰ লক্ষ্য ৰাখিছে, যাৰ নাম হ’ব মিছন সুদৰ্শন চক্ৰ ৷ যিটো অসামৰিক অঞ্চলকে ধৰি গুৰুত্বপূৰ্ণ স্থানসমূহ সুৰক্ষিত কৰাৰ বাবে ডিজাইন কৰা হৈছে ৷ সুদৰ্শন চক্ৰ অভিযানে থলুৱা উদ্ভাৱন আৰু শক্তিশালী প্ৰতিৰক্ষা ক্ষমতাৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক আলোকপাত কৰে ।

ভাৰতীয় সেনা