কি কি সপোন আধৰুৱা হৈ ৰ’ল জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ

অলেখ সপোন, অযুত আশা বুকুত বান্ধি সাগৰতলিত শেষ নিশ্বাস ত্যাগ কৰিলে জুবিন গাৰ্গে। অসম তথা ভাৰতবৰ্ষৰ লাখ লাখ অনুৰাগীক অথাই সাগৰত পেলাই শুকুৰবাৰে বিয়লিৰভাগত ছিংগাপুৰৰ পৰা আহিছিল সেই দুঃসংবাদটি - হিয়াৰ আঁমঠু- প্ৰিয় শিল্পী জুবিন গাৰ্গ আৰু নাই।

author-image
Asomiya Pratidin
New Update
363

ডিজিটেল ডেস্ক : অলেখ সপোন, অযুত আশা বুকুত বান্ধি সাগৰতলিত শেষ নিশ্বাস ত্যাগ কৰিলে জুবিন গাৰ্গে। অসম তথা ভাৰতবৰ্ষৰ লাখ লাখ অনুৰাগীক অথাই সাগৰত পেলাই শুকুৰবাৰে বিয়লিৰভাগত ছিংগাপুৰৰ পৰা আহিছিল সেই দুঃসংবাদটি - হিয়াৰ আঁমঠু- প্ৰিয় শিল্পী জুবিন গাৰ্গ আৰু নাই।

জীৱনৰ ৫২টা বসন্ত গৰকি চিৰনিদ্ৰাত শুই পৰিল জুবিন গাৰ্গ। অনাগত সময়ৰ বাবে জুবিন গাৰ্গৰ আছিল বহু আশা। সংগীত, চিনেমাৰ উপৰিও বহু সামাজিক কাম-কাজ কৰাৰ দুৰ্বাৰ হেঁপাহ বুকুত বান্ধি ৰাখিছিল আলফুলে।

পিছে নিয়তিৰ কি পৰিহাস ! আশাবোৰ যেন আশা হৈয়েই থাকিল, সপোনবোৰো যেন মৰহি গ’ল হঠাতে। জুবিন গাৰ্গৰ নৱতম ছবি 'ৰৈ ৰৈ বিনালে'ৰ কাম সম্পূৰ্ণ হৈছিলহে মাথোঁ। মুক্তিৰ দিন ঘোষণাও কৰিছিল।

অহা ৩১ অক্টোবৰত মুক্তি দিব বুলি নিজেই সদৰী কৰিছিল। পিছে সেই আশা এতিয়া মৰহি গ’ল। জুবিন গাৰ্গ অবিহনে হয়তো মুক্তি লাভ কৰিব তেওঁ অতি মৰমৰ ছবি 'ৰৈ ৰৈ বিনালে।'

তেওঁৰ আশা আছিল প্ৰখ্যাত ঔপন্যাসিক ৰঞ্জু হাজৰিকাৰ বহুল সমাদৃত ‘জুলু’খনক চিনেমা হিচাপে নিৰ্মাণ কৰাৰ। জুলু নামেৰে নিৰ্মাণ কৰিব খোজা প্ৰস্তাৱিত ছবিখনৰ প্ৰাৰম্ভিক কামো ইতিমধ্যে সম্পন্ন কৰিছিল জুবিন গাৰ্গে। এই ছবিখন ইংৰাজী, হিন্দী আৰু অসমীয়া ভাষাত নিৰ্মাণ কৰিব বিচাৰিছিল তেওঁ।

'খাৰঘুলিৰ ঘৰটো মোৰ স্থায়ী ঠিকনা হ’ব। তাত এটা ডাঙৰ ষ্টুডিঅ’ বনাম'- এই কথা জুবিন গাৰ্গে প্ৰায়েই কৈছিল। কিন্তু সেয়াও এতিয়া আধৰুৱা হৈ ৰ’ল। কিছুদিন পূৰ্বে মাংগলিক কাৰ্যসূচীৰে খাৰঘুলিত নিৰ্মীয়মাণ ঘৰটোৰ আধাৰশিলা তেওঁ নিজেই স্থাপন কৰিছিল।

ঘৰৰ পৰা ব্ৰহ্মপুত্ৰখন চোৱাৰ দুৰ্বাৰ হেঁপাহ আছিল তেওঁৰ। জোনালীত নতুনকৈ সঁজা ষ্টুডিঅ’টো উঁই পৰুৱাই ধৰা বাবে পুনৰ নতুনকৈ দেখনিয়াৰ কৰিছিল জুবিন গাৰ্গে। গীতৰ ৰেক’ৰ্ডিং চলি থকাৰ মাজতে কৈছিল 'এইটো পুনৰ নতুনকৈ ইনগ্ৰেচন কৰা হ’ল।'

সোণৰ মাইক থকা এই নতুন ষ্টুডিঅ’টোত বহু আৱাহ সংগীত আৰু সংগীতৰ কাম আধৰুৱা হৈ ৰ’ল। তেওঁৰ আন এটি সপোন আছিল আত্মজীৱনী লিখাৰ। তেওঁ তেওঁৰ কথাবোৰ কৈ যাব আৰু আশে- পাশে থকাসকলে ডিটিপি মাৰি যাব। এনেকৈ তেওঁ ‘ইউক্লিপটাছ’ নামৰ আত্মজীৱনীখন লিখাৰ সপোন আছিল। কিন্তু সেয়াও আধৰুৱা হৈ ৰ’ল। এনেধৰণ বহু কামেই এতিয়া আধৰুৱা হৈ ৰ’ল জুবিন গাৰ্গৰ...।

জুবিন গাৰ্গ