/asomiyapratidin/media/media_files/2026/01/20/656-2026-01-20-20-04-29.jpg)
ডিজিটেল ডেস্ক : সম্প্ৰতি দেশৰ বিনোদন জগত ব’ৰ্ডাৰ ২ ছবিক লৈ বেছ গৰম হৈ আছে। টীজাৰ আৰু গীত মুকলিৰ পাছতে দেশৰ চলচ্চিত্ৰপ্ৰেমীৰ মাজত বেছ উত্তেজনাই বিৰাজ কৰা পৰিলক্ষিত হৈছে কালজয়ী চিনেমাখনৰ চিকুৱেলক লৈ।
উল্লেখ কৰা প্ৰয়োজন যে, চানী দেওলৰ উপৰি ছবিখনত দেখা পোৱা যাব সুনীল চেট্টী তনয় আহান চেট্টীক। লগতে আছে বৰুণ ধাৱনৰ দৰে চিনাকি বহুকেইখন মুখ।
আন আন ক্ষেত্ৰৰ লগতে ব’ৰ্ডাৰ ২ৰ প্ৰভাৱ পিছে ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ ড্ৰেচিং ৰূমতো পৰিছে। সামাজিক মাধ্যমত কে এল ৰাহুলে বান্ধি দিছে এক বিশেষ চৰ্ত।
উল্লেখযোগ্য যে, ব’ৰ্ডাৰ ২ত ভাৰতীয় বায়ু সেনাৰ এগৰাকী উচ্চ পদস্থ বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছে আহান চেট্টীয়ে। আহান হৈছে কে এল ৰাহুলৰ পত্নী তথা সুনীল চেট্টীৰ কন্যা আথিয়া চেট্টীৰ ভায়েক। সম্পৰ্কত আহান কে এল ৰাহুলৰ খুলশালীয়েক।
খুলশালীয়েক আহানক ৰাহুলে বান্ধি দিছে এই চৰ্ত। যদিহে আহানে ৰাহুলে বান্ধি দিয়া চৰ্ত পূৰণ কৰে, তেন্তে কে এল ৰাহুলে আহান অভিনীত ব’ৰ্ডাৰ ২ এবাৰ নহয়, দুবাৰকৈ উপভোগ কৰিব।
ৰাহুলে সামাজিক মাধ্যম ইনষ্টাগ্ৰামত এটি ভিডিঅ’ শ্বেয়াৰ কৰিছে। ৰাহুলে নেটত অনুশীলন কৰি থকা অৱস্থাৰ এই ভিডিঅ’টিত লিখিছে যদিহে আহন চেট্টীয়ে এই ভিডিঅ’টোত কমেণ্ট কৰে, তেন্তে মই ব’ৰ্ডাৰ ২ দুবাৰ চাম।
৪ লাখ ৯১ হাজাৰৰো অধিক অনুৰাগীয়ে লাইক আৰু ১৩ হাজাৰৰো অধিকে কমেণ্ট কৰা এই ভিডিঅ’টোৱে স্বাভাৱিকতে সমাজিক মাধ্যমত আমোদৰ সৃষ্টি কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us