বৰঝাৰ বিমান বন্দৰৰ নতুন টাৰ্মিনেলত কি কি সুবিধা থাকিব ?

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিব বৰঝাৰ বিমান বন্দৰৰ নতুন টাৰ্মিনেল। ১.৪ লাখ বৰ্গমিটাৰ এলেকাৰ টাৰ্মিনেলটো আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে।

author-image
Asomiya Pratidin
New Update
htyhytrfdfs

ডিজিটেল ডেস্কঃ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিব বৰঝাৰ বিমান বন্দৰৰ নতুন টাৰ্মিনেল। ১.৪ লাখ বৰ্গমিটাৰ এলেকাৰ টাৰ্মিনেলটো আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে। বাঁহ আৰু অৰ্কিডৰ বিনন্দীয়া প্ৰাকৃতিক শোভাৰ প্ৰতিফলন ঘটিছে টাৰ্মিনেলটোত। 

G8iSP_BbEAAIxnX

এই টাৰ্মিনেলটো প্ৰাকৃতিক বিষয়বস্তু সম্বলিত আৰ্হিৰে নিৰ্মাণ কৰা হৈছে। টাৰ্মিনেলটোত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ পৰা আহৰণ কৰা ১৪০ মেট্ৰিক টন বাঁহৰ ব্যৱহাৰ কৰা হৈছে। থলুৱাভাৱে উপলব্ধ বাঁহেৰে কলাত্মক আৰ্হিত নিৰ্মিত গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেলৰ বাটচ'ৰাত জিলিকি উঠিছে উত্তৰ-পূৱৰ বৈচিত্ৰময় সংস্কৃতি আৰু ঐতিহ্যৰ আধুনিক ৰূপ। ভলুকা আৰু অপতানি বাঁহৰ পৰা নিৰ্মিত হৈছে গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেলৰ আকৰ্ষণীয় বাটচ'ৰা।

কপৌফুলৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে ৫৭টা স্তম্ভ। আৰণ্যক শোভা প্ৰদানৰ বাবে ১ লাখ গছপুলিৰ সমাহাৰ কৰা হৈছে। আনহাতে পৰ্যাপ্ত প্ৰাকৃতিক পোহৰৰ বাবে স্বচ্ছ ছাদৰ ব্যৱস্থা কৰা হৈছে।

অসমবাসীৰ লাভালাভ-

  • বছৰি যাত্ৰীসেৱা ৬৬ লাখৰ পৰা ১.৩ কোটিলৈ বৃদ্ধি
  • বিমানবন্দৰ উন্নয়নৰ জৰিয়তে আগন্তুক ৫ বছৰত ৬০০০ নিয়োগ সৃষ্টি
  • পৰ্যটন,বাণিজ্য, সা-সামগ্ৰী আৰু উদ্যোগ ক্ষেত্ৰৰ উন্নয়ন
  • আঞ্চলিক সংযোগ আৰু অৰ্থনৈতিক বিকাশ ত্বৰান্বিতকৰণ

যাত্ৰীকেন্দ্ৰিক সুবিধা-

  • ভাৰতত প্ৰথমবাৰৰ বাবে পাৰ্কিং এলেকা আৰু এৰাইভেল ফৰকৰ্টত চেক-ইনৰ সুবিধা
  • নিৰাপত্তাজনিত পৰীক্ষাৰ বাবে ক্ষিপ্ৰ তথা হস্তক্ষেপবিহীন সম্পূৰ্ণ শৰীৰৰ স্কেন
  • ডিজিযাত্ৰাৰ জৰিয়তে প্ৰত্যেকখন দ্বাৰতে মুখমণ্ডল চিনাক্তকৰণ ব্যৱস্থা
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নৰেন্দ্ৰ মোদী