/asomiyapratidin/media/media_files/2025/09/13/337-2025-09-13-16-24-57.jpg)
ডিজিটেল ডেস্ক : পেহেলগাম আক্ৰমণৰ ঘটনাৰ কথা সোঁৱৰাই ভাৰত- পাকিস্তানৰ মেচ বৰ্জনৰ বাবে আহ্বান জনাইছে এগৰাকী ছহিদ সেনা জোৱানৰ পত্নীয়ে। চলিত এছিয়া কাপত ভাৰত- পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব লগা মেচখন বৰ্জনৰ বাবে দেশবাসীক কাতৰ অনুৰোধ জনাইছে এগৰাকী জোৱানৰ বিধৱা পত্নী ঈশানা দ্বিবেদীয়ে।
বিচিচিআইক কঠোৰভাৱে সমালোচনা কৰি দ্বিবেদীয়ে প্ৰশ্ন কৰে যে, বিচিচিআয়ে কিয় পাহৰিলে পেহেলগাম কাণ্ডত নিহত হোৱা সেই ২৬গৰাকী নিষ্ঠুৰ লোকৰ কথা। কিয় পাহৰিলে পেহেলগামৰ ঘটনাত ভাৰতীয় সেনাৰ জোৱান নিহত হোৱাৰ কথা।
যি পাকিস্তানৰ বৰ্বৰ আৰু নিষ্ঠুৰ আক্ৰমণত এই ঘটনা সংঘটিত হ’বলৈ পালে তেনে এখন দেশৰ লগত ভাৰতীয় ক্ৰিকেট দলে মেচ খেলাৰ কথা চিন্তা কৰিব লাগিছিল। ভাৰতত ক্ৰিকেটক জাতীয় খেল হিচাপে গন্য কৰা বুলি কৈ তেওঁ কয় যে, ভাৰতীয় ক্ৰিকেটাৰসকলক জাতীয় সম্পদ হিচাপে গন্য কৰা হয়। তেনেস্থলত তেওঁলোকে পাকিস্তানৰ বিৰুদ্ধে ক্ৰিকেট খেলিবলৈ সন্মতি প্ৰদান কৰিব নালাগিছিল।
বিচিচিআইৰ আৰু পাকিস্তানৰ বিৰুদ্ধে এনেদৰে ক্ষোভ উজাৰি দ্বিবেদীয়ে ভাৰত- পাকিস্তানৰ মেচখন বৰ্জন কৰাৰ বাবে সচেতন ৰাইজক অনুৰোধ জনায়।