/asomiyapratidin/media/media_files/2025/09/05/ujjjdd-2025-09-05-13-14-06.jpg)
ডিজিটেল ডেস্কঃ আলোচনাত বহিবলৈ মান্তি নোহোৱা ইউক্ৰেইনক পুনৰ এবাৰ ধমক দিলে পুটিনে। আঁৰৰ পৰা আমেৰিকাৰ সহায় হৈ যুদ্ধ কৰিবলৈ ফেপেৰি পাতি ধৰা ইউক্ৰেইনক এইবাৰ ধমক দি ৰাছিয়াই ক'লে যে, আমেৰিকাই তোমালোকক কিন্ত বচাব নোৱাৰে, এই কথা মনত ৰাখিবা।
উল্লেখ কৰা প্ৰয়োজন যে, আঁৰৰ পৰা আমেৰিকাৰ সাহসত ৰাছিয়াৰ সৈতে আলোচনাত নবহাৰ সিদ্ধান্ত লৈছে ইউক্ৰেইনে। যুদ্ধ বিৰতিৰ বাবে পৃথকে পৃথকে ৰাছিয়া আৰু ইউক্ৰেইনৰ সৈতে আলোচনাত বহিছিল মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্প। কিন্তু তাৰ পিছতো ওলোৱা নাছিল কোনো সমাধান।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/05/2025-08-15t191550z_1604229600_rc2r7gasvqod_rtrmadp_3_ukraine-crisis-summit-1024x683-2025-09-05-13-33-27.jpg)
বিশ্লেষকসকলে মতপোষণ কৰিছে যে, ইউক্ৰেইনক ভিতৰি ভিতৰি উচতাই আছে আমেৰিকাই। শেহতীয়াকৈ ভাৰতৰ সৈতে ৰাছিয়াৰ ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখি অধিক জ্বলিছে আমেৰিকা। যাৰ ফলত ইউক্ৰেইনক সৰ্বতো প্ৰকাৰে সহায়ৰ কৰাৰ প্ৰতিশ্ৰুতি দিছে আমেৰিকাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/05/fbb93b97-aaaf-4707-8297-b1fa4f67e5c0-2025-09-05-13-32-59.jpg)
আমেৰিকাই এই দুতলীয়া কথা গম পাইছে ৰাছিয়াই। সেয়েহে ৰাছিয়াইও ইউক্ৰেইনক মুকলিকৈ ধমক দি কৈছে যে, আমেৰিকান সেনাই ইউক্ৰেইনক সুৰক্ষা দিব নোৱাৰে, যদিহে আমি আক্ৰমণৰ কথা ভাৱো।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/05/450367f3-ce19-419e-bf9d-370cb0c650ac-2025-09-05-13-34-26.jpg)
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us