/asomiyapratidin/media/media_files/2026/01/31/lksdjflksdjflkswdjflkaswdjfslkdjiksdjf-2026-01-31-22-52-16.jpg)
ডিজিটেল সংবাদ, উৰিয়াগাঁওঃ নগাঁও জিলাৰ ননৈ অঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠান পশ্চিম ননৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ শনিবাৰে দ্বিতীয়দিনা বিয়লি অনুষ্ঠিত হয় মুকলি সভা। উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰতাপ চন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত বিশিষ্ট অতিথি হিচাবে নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ হিতেশ ডেকা,প্ৰাক্তন মন্ত্ৰী তথা অৱসৰপ্ৰাপ্ত অধ্যাপক গিৰীন্দ্ৰ কুমাৰ বৰুৱা,নিৰ্দিষ্ট বক্তা হিচাপে উদীয়মান চিন্তাবিদ তথা সমালোচক ত্ৰিদীপ ভাগৱতী উপস্থিত থাকে।
উদযাপন সমিতিৰ সাধাৰণ সম্পাদিকা জাহ্নৱী দেৱীয়ে উদ্দেশ্য বাখ্যা কৰা আৰু শিক্ষক ৰাজীৱ বৰাই আঁত ধৰা সভাখনত বঢ়মপুৰ সমষ্টিৰ বিধায়ক তথা উদযাপন সমিতিৰ সভাপতি জিতু গোস্বামীয়ে ভাষণত শিক্ষানুষ্ঠানখনে সোণালী জয়ন্তী বৰ্ষত উপনীত হোৱা বিষয়টো গৌৰৱৰ কথা বুলি উল্লেখ কৰি ভৱিষ্যতে বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।
সভাত অৱসৰপ্ৰাপ্ত শিক্ষক গোপাল চন্দ্ৰ নাথৰ সম্পাদনাত প্রস্তুত কৰি উলিওৱা স্মৃতিগ্ৰন্থ "জ্ঞানমালিনী'উন্মোচন কৰে মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে। সভাত শলাগৰ শৰাই আগবঢ়ায় বিদ্যালয়খনৰ প্ৰধান শিক্ষক নৰেণ বৰাই। সভাত অৱসৰপ্ৰাপ্ত শিক্ষক থানেশ্বৰ শইকীয়া,সাধন চন্দ্ৰ বনিয়া,বিচিত্ৰ বৰা প্ৰমুখ্যে বহু গণ্য-মান্য ব্যক্তি উপস্থিত আছিল।
সভাৰ পূৰ্বে পুৱা পৰিবেশ স্বচ্ছতা অভিযান,গছপুলি ৰোপণ আৰু চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হয়। দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সোণালী জয়ন্তী অনুষ্ঠানটিৰ কাৰ্যসূচী অনুসৰি প্ৰথম দিনা বিদ্যালয়ৰ পতাকা উত্তোলন,সোণালী জয়ন্তীৰ মূল পতাকা উত্তোলন কৰে ক্ৰমে- শিক্ষানুষ্ঠানখনৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰতাপ চন্দ্ৰ শৰ্মা আৰু উদযাপন সমিতিৰ সাধাৰণ সম্পাদিকা জাহ্নৱী দেৱীয়ে।
লগতে ৫০ বর্ষপূতি উপলক্ষে অৰ্ধ শতাধিক বিশিষ্ট ব্যক্তিৰ দ্বাৰা ৫০খন পতাকা উত্তোলন কৰা হয়। ইয়াৰ পিছতে স্মৃতি তৰ্পণ, প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ বিশেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। তাৰপাছতেই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে বিশিষ্ট অভিনেতা যতীন বৰাই।
বিয়লি প্ৰাক্তন শিক্ষক আৰু বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ অন্তত "স্মৃতিয়ে ৰিঙিয়াই" শীৰ্ষক প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ সন্মিলনখনৰ উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক মোহিনীমোহন ডেকাই। প্ৰাক্তন ছাত্ৰ নিৰ্মল নাথৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সন্মিলনখনৰ আঁত ধৰে প্ৰাক্তন ছাত্ৰ বাপধন নাথে।
সন্ধ্যা বন্তি প্ৰজ্বলন কৰে সত্ৰাধিকাৰ দিলীপ গোস্বামীয়ে। নিশা ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। শনিবাৰে সন্ধ্যা বন্তি প্ৰজ্বলন,প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ বিশেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ অন্তত নিশা অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানত গীত পৰিবেশন কৰে জনপ্রিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে।
উক্ত অনুষ্ঠানৰ দুয়ো দিনৰ কাৰ্যসূচীত অঞ্চলটোৰ শিক্ষানুৰাগী ৰাইজ,শুভাকাংক্ষী,প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ লগতে শিক্ষানুষ্ঠানখনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে আগবঢ়োৱা সহায়-সহযোগিতাৰ বাবে সকলোকে প্ৰধান শিক্ষক নৰেণ বৰাই কৃতজ্ঞতা জ্ঞাপন কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us