পশ্চিম কাৰ্বি আংলং জিলাৰ বৃহত্তৰ তৰাডুবিত বাঘৰ আতংক

পশ্চিম কাৰ্বি আংলং জিলাত অৱস্থিত  কাৰ্বি আংলং জিলা স্বায়ত্ত শাসিত পৰিষদৰ ৬ নং বিথুং ৰেংথামা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ তৰাডুবিৰ দ’ গাৱঁত বাঘৰ আতংক।

author-image
Asomiya Pratidin
New Update
KJSDKFJDF

প্ৰতীকি ফটো

ডিজিটেল সংবাদ, হাওৰাঘাটঃ পশ্চিম কাৰ্বি আংলং জিলাত অৱস্থিত  কাৰ্বি আংলং জিলা স্বায়ত্ত শাসিত পৰিষদৰ ৬ নং বিথুং ৰেংথামা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ তৰাডুবিৰ দ’ গাৱঁত বাঘৰ আতংক। দেওবাৰে নিশা দ’ গাঁৱৰ লগতে গাঁওখনৰ গাতে লাগি থকা গাঁৱৰ ৰাইজে ফটকা  ফুটাই বাঘকক খেদিবলৈ চেষ্টা কৰে ৷ 

জানিব পৰা মতে, বৃহত্তৰ তৰাডুবিৰ দ’ গাঁও , পতিয়াগাঁও , নৰুৱাগাঁও আৰু মিলনপুৰ গাঁও কেইখনৰ মাজত থকা বাঁহ আৰু চেগুন গছৰ মাজত উক্ত গাঁওকেইখনৰ ছাগলী মৃত অৱস্থাত উদ্ধাৰ হয়। অঞ্চলটোৰ ৰাইজে সন্দেহ কৰিছে যে এই বাঘে আক্ৰমণ কৰি ছাগলীটো মৃত অৱস্থাত এৰি যায় ৷ 

একাংশৰ মতে এটা নাহৰফুটুকী বাঘে অঞ্চলটোৰ ৰাইজৰ ছাগলীকে ধৰি বনৰীয়া জন্তু মাৰি বৃহত্তৰ তৰাডুবি ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰি তুলিছে ৷ এই বাতৰি যুগুতোৱাৰ সময়লৈকে ফটকা ফুটাই বাঘ খেদাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে বনবিভাগৰ কৰ্মীৰ লগতে  অঞ্চলটোৰ ৰাইজে ৷

পশ্চিম কাৰ্বি আংলং