New Update
/asomiyapratidin/media/media_files/2026/02/02/karbianglongggg-2026-02-02-17-06-47.jpeg)
ডিজিটেল সংবাদ, খেৰণিঃপশ্চিম কাৰ্বি আংলঙত খিলঞ্জীয়াৰ সুৰক্ষাৰ আৰু উচ্ছেদ অভিযানৰ দাবীত ঐক্যবদ্ধ সংগ্ৰাম। ভূমি আন্দোলনক লৈ ফেলাংপিত কেইবাটাও জাতীয় সংগঠনৰ উদ্যোগত বিশাল জনসমাবেশ।
এই জনসমাবেশত অংশগ্ৰহণ কৰে ইণ্ডিজিনিয়াছ ফৰাম অসম, সোণোৱাল কছাৰী ছাত্র সংস্থা, তিৱা ছাত্ৰ সংস্থা, পশ্চিম কাৰ্বি আংলং জিলা অসমীয়া ভাষিক খিলঞ্জীয়া ভূমিপুত্ৰ, যুৱ ছাত্ৰ পৰিষদৰ নেতৃবৃন্দই। লিটচন ৰংফাৰে নেতৃত্বত হোৱা সংগ্ৰামৰ জৰিয়তে শীগ্ৰে PGR/VGR ভূমিত উচ্ছেদ চলোৱাৰ দাবী সংগঠনৰ নেতৃবৃন্দৰ। প্ৰয়োজনত প্ৰাণ দিম কিন্তু কিঞ্চিতো মাটি নিদিয়াৰ হুংকাৰ তিৱা ছাত্ৰ সংস্থাৰ বিষয়ববীয়াৰ।
উল্লেখ্য যে, ২০২৫ৰ ২৩ ডিচেম্বৰত খেৰণিত উচ্ছেদৰ দাবী আন্দোলনক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল হিংসাত্মক ঘটনা। তাৰপাছতে কাৰ্বি আংলঙৰ ভূমিপুত্ৰ সকলৰ সংগ দিয়ে অসমৰ সকলোবোৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ দল-সংগঠনসমূহে।
তাৰ আলমতে সোমবাৰে হাজাৰ হাজাৰ অসমৰ সচেতন জনসাধাৰণ আৰু বিভিন্ন খিলঞ্জীয়া দল-সংগঠনে ফেলাংপিত একত্ৰিত হৈ উচ্ছেদ আৰু খিলঞ্জীয়াৰ সুৰক্ষাৰ দাবীৰে পুনৰ উত্তাল কৰি তোলে ফেলাংপিৰ আকাশ-বতাহ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us