পশ্চিম কাৰ্বি আংলঙত বৰদিন উদযাপন

বৰদিন হৈছে খ্ৰীষ্টৰ ধৰ্মালম্বী লোক সকলৰ এক আনন্দময় উৎসৱ, যিয়ে মানুহৰ মাজত শান্তি, প্ৰেম আৰু সম্প্রীতিৰ বাৰ্তা কঢ়িয়াই আনে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ ক্ৰমান্বয়ে শান্তিৰ পৰিবেশ ঘুৰি আহিছে পশ্চিম কাৰ্বি আংলং জিলাখনলৈ ৷ সেয়ে আজি জিলাখনৰ খ্ৰীষ্টৰ ধৰ্মালম্বী লোকসকলে  উদযাপন কৰে যীশু খ্ৰীষ্টৰ জন্মদিন "বৰদিন" ৷ গীৰ্জা ঘৰত  সকলোৱে ভাগ লৈ শান্তি বাবে যিচুৰ ওচৰত সমজুৱা প্ৰাৰ্থনা কৰিছে ৷ 

খ্ৰীষ্টমাছ ট্ৰি ,গীৰ্জা ঘৰ সমুহত আটকধুনীয়াকৈ সজাই পৰাই তুলাৰ লগতে যীশুৰ জন্মৰ বিষয়ে গীত গাই আৰাধনা কৰে৷ লগতে গীৰ্জা ঘৰত পৰিয়াল আৰু বন্ধু-বান্ধবৰ মাজত উপহাৰ আদান-প্ৰদান কৰি প্ৰেম আৰু সম্প্রীতিৰ প্ৰতীক বিলায় ৷ বৰদিন হৈছে খ্ৰীষ্টৰ ধৰ্মালম্বী লোক সকলৰ এক আনন্দময় উৎসৱ, যিয়ে মানুহৰ মাজত শান্তি, প্ৰেম আৰু সম্প্রীতিৰ বাৰ্তা কঢ়িয়াই আনে।

পশ্চিম কাৰ্বি আংলং