পশ্চিম ঢকুৱাখনা উঃ মাঃ বিদ্যালয়ৰ অধ্যক্ষ দুলু শইকীয়াক অৱসৰকালীন সম্বৰ্ধনা

পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়। এইখন নামজ্বলা শিক্ষানুষ্ঠানত ১৯৯২ চনৰ পৰা শিক্ষাদানৰ অতুল্য জ্যোতি বিলাই অহা বিষয় শিক্ষক তথা বিদ্যালয়খনৰ অধ্যক্ষ দুলু শইকীয়াই যোৱা ৩১ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰে। 

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-02 at 5.44.33 PM

ডিজিটেল সংবাদ, ঢকুৱাখনা: বৃহত্তৰ পশ্চিম ঢকুৱাখনা অঞ্চলৰ জ্ঞানৰ পবিত্ৰ মন্দিৰ স্বৰূপ পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়। এইখন নামজ্বলা শিক্ষানুষ্ঠানত ১৯৯২ চনৰ পৰা শিক্ষাদানৰ অতুল্য জ্যোতি বিলাই অহা বিষয় শিক্ষক তথা বিদ্যালয়খনৰ অধ্যক্ষ দুলু শইকীয়াই যোৱা ৩১ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰে। 

বিগত প্ৰায় ৩৪ বছৰীয়া শিক্ষকতা আৰু অধ্যক্ষ হিচাবে উৎসৰ্গিত সেৱা আগবঢ়াই অৱসৰ গ্ৰহণ কৰা শইকীয়াক বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা যোৱা ৩০ জানুৱাৰীত অৱসৰকালীন সম্বৰ্ধনা জনোৱা হয়। এই সন্দৰ্ভত বিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সভাত সভাপতিত্বত কৰে বিদ্যালয়খনৰ প্ৰাক্তন উপাধ্যক্ষ পুষ্প কুমাৰ দত্তই। 

বিদ্যালয়খনৰ গৰিষ্ঠ সংখ্যক শিক্ষক কৰ্মচাৰী, শিক্ষাৰ্থী, পৰিচালনা সমিতিৰ সদস্য, অভিভাৱক, মাতৃ গোটৰ সদস্য আৰু শিক্ষানুৰাগী ৰাইজ উপস্থিত থকা সভাত অৱসৰী অধ্যক্ষ গৰাকীৰ উপৰিও স্বামী, ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ প্ৰদীপ চন্দ্ৰ বৰায়ো অংশগ্ৰহণ কৰে। 

ঢকুৱাখনা বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ কবিন্দ্ৰ চেতিয়া, ঢকুৱাখনা কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰজনী চেতিয়া, লখিমপুৰ জিলা একাডেমিক কাউন্সিলৰ সম্পাদক প্ৰদীপ বৰা, বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্য ভৰত দত্ত আদিয়ে সৌষ্ঠৱ বৃদ্ধি কৰা সভাত সদ্য অৱসৰপ্ৰাপ্ত অধ্যক্ষ শইকীয়াৰ বিদ্যালয়খনৰ প্ৰতি থকা অকৃত্ৰিম দায়বদ্ধতা , একাত্মতা আৰু নিঃস্বাৰ্থ সেৱাৰ একেমুখে শলাগ লৈ উপস্থিত ব্যক্তিসকলে বক্তব্য আগবঢ়ায়। 

বিদ্যালয়ৰ শিক্ষক পবিত্ৰ বৰুৱাই আঁত ধৰা সভাত শিক্ষাবিদ ৰজনী চেতিয়া, কবিন্দ্ৰ চেতিয়া, প্ৰদীপ বৰা, পুষ্প কুমাৰ দত্ত, মাজুলী শ্যাম বনমালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ক্ষীৰোদ শইকীয়া, লক্ষ্য জ্যোতি নাথ,  ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক দেৱ শংকৰ শইকীয়া, শিক্ষক গোটৰ অনুৰাধা শইকীয়া, সংগীতা ছেত্ৰী, পবিত্ৰ বৰুৱা, পৰিচালনা সমিতিৰ উপ সভাপতি বিদ্যা দত্ত আদি বহু কেইগৰাকীয়ে সমাজতত্ব বিভাগৰ বিষয় শিক্ষক আৰু পূৰ্ণকালীন অধ্যক্ষ হিচাবে শইকীয়াই আগবঢ়াই যোৱা দক্ষ, অনুকৰণীয় প্ৰশাসনিক সেৱাৰ বাবে বিদ্যালয়খনে লাভ কৰা নব্যগতিৰ শলাগ লয়।

সভাত অৱসৰী অধ্যক্ষ গৰাকীয়েও বিগত কাৰ্যকালত লাভ কৰা মধুৰ অভিজ্ঞতা সমৃদ্ধ বক্তব্য আগবঢ়াই বৃত্তিগতভাবে আঁতৰি গ’লেও অনাগত সময়ত প্ৰাণৰ অনুষ্ঠানটোৰ প্ৰতি দায়িত্ববোধ আজীৱন থাকিব বুলি ব্যক্ত কৰে। অধ্যক্ষগৰাকীক বিদ্যালয়ৰ পৰিচালনা সমিতি, ছাত্ৰ একতা সভাৰ হৈ সম্পাদক মানস চেতিয়া,  শিক্ষক আৰু কৰ্মচাৰী গোট আদিৰ তৰফৰ পৰা সুকীয়া সুকীয়াকৈ প্ৰশংসা পত্ৰ, সম্বৰ্ধনা পত্ৰ, ফুলাম গামোচা, চেলেং চাদৰ, সঁফুৰা, ধৰ্মগ্ৰন্থ, গ্ৰন্থ টোপোলা আদি মেটমৰা সম্ভাৰ প্ৰদান কৰি সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে।

ঢকুৱাখনা