পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয় সমন্বয় তীৰ্থ আৰু প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহৰ প্ৰস্তুতি

ঢকুৱাখনাৰ পশ্চিম প্ৰান্তত ১৯৬৬ চনতে প্ৰতিষ্ঠা হোৱা এইখন জ্ঞান মন্দিৰৰ বিগত ৫৯ বছৰীয়া বৌদ্ধিক যাত্ৰাৰ সহযাত্ৰী হোৱা প্ৰাক্তন শিক্ষাৰ্থী সকলৰ অম্লমধুৰ স্মৃতি সজীৱ কৰাৰ মানসেৰে বর্ষজুৰি উদযাপিত কৰা হৈছিল সমন্বয় তীৰ্থ আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ

author-image
Asomiya Pratidin
New Update
436

ডিজিটেল সংবাদ, ঢকুৱাখনা : লখিমপুৰ জিলাৰ শৈক্ষিক সম্ভ্রমৰ অন্য এক বাটকটীয়া শিক্ষানুষ্ঠান পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয় । ঢকুৱাখনাৰ পশ্চিম প্ৰান্তত ১৯৬৬ চনতে প্ৰতিষ্ঠা হোৱা এইখন জ্ঞান মন্দিৰৰ বিগত ৫৯ বছৰীয়া বৌদ্ধিক যাত্ৰাৰ সহযাত্ৰী হোৱা প্ৰাক্তন শিক্ষাৰ্থী সকলৰ অম্লমধুৰ স্মৃতি সজীৱ কৰাৰ মানসেৰে বর্ষজুৰি উদযাপিত কৰা হৈছিল সমন্বয় তীৰ্থ আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ।

ভিন্ন ৰঙী কাৰ্যসূচীৰে উদযাপিত হৈ অহা এই বৰ্ণিল অনুষ্ঠানৰ সামৰণি অনুষ্ঠান অহা ১২ ডিচেম্বৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হব । উদযাপন সমিতিৰ সম্পাদক তথা বিদ্যালয়ৰ অধ্যক্ষ দুলু শইকীয়াই জনোৱা মতে ইতিমধ্যে গঠিত উদযাপন সমিতি , কৰ্ণধাৰ সমিতি, প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহৰ স্থায়ী সমিতি আৰু ১২ খন উপ সমিতিৰ নিৰবিছিন্ন প্ৰচেষ্টাৰ অন্তত এই সামৰণি অনুষ্ঠান ১২ ডিচেম্বৰত শুভাৰম্ভ কৰাৰ প্ৰস্তুতি তুংগত ।

WhatsApp Image 2025-12-09 at 12.57.54 PM

বিদ্যালয়ৰ অধ্যক্ষ তথা উদযাপন সমিতিৰ সম্পাদক দুলু শইকীয়াৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ হ'বলগীয়া প্ৰথম দিনৰ কাৰ্যসূচীত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু মাতৃ গোটৰ দ্বাৰা পৰিবেশিত হব এক সাংস্কৃতিক অনুষ্ঠান । দ্বিতীয় দিনা "নতুন শিক্ষা নীতি-২০২০" প্ৰত্যাহ্বান আৰু প্ৰত্যাশা" শীৰ্ষক এক মনোজ্ঞ আলোচনাচক্ৰ অনুষ্ঠিত হব ।

অধ্যক্ষ দুলু শইকীয়াই উদ্বোধন কৰিব লগা এই অনুষ্ঠানত আলোচক হিচাপে খেৰাজখাত মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক তোলন ওজা, দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ বিশ্বজিৎ দত্ত আৰু  উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ মনোৰঞ্জন দত্তই অংশগ্ৰহণ কৰিব। দুপৰীয়া সমাৰোহৰ স্মৃতিগ্ৰন্থ ৰাজু কুমাৰ চেতিয়াৰ সম্পাদনাত প্ৰকাশ হব লগা " সমন্বয় সাঁকো" উন্মোচন কৰিব নাওবৈছা মহাবিদ্যালয়ৰ অধ্যাপক গুণ দত্তই ।

ইয়াৰ পাছতেই অনুষ্ঠিত হব প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ অন্তৰংগ আলাপ অনুষ্ঠান আৰু সাংস্কৃতিক অনুষ্ঠানৰ । অন্তিম দিনা সমাৰোহৰ মুকলি সভা উদ্বোধন কৰিব ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ প্ৰদীপ বৰাই ।

WhatsApp Image 2025-12-09 at 1.04.02 PM

উদযাপন সমিতিৰ সভাপতি ভৰত চন্দ্ৰ দত্তৰ সভাপতিত্বত অনুষ্ঠিত হব লগা মুকলি সভাত মুখ্য অতিথি হিচাপে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ উপাচাৰ্য ডঃ মুকুল চন্দ্ৰ বৰা, নিৰ্দিষ্ট বক্তা হিচাপে মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ৰ উপাধ্যক্ষ তৰুণ কুমাৰ নাথ , বিশিষ্ট অতিথি হিচাপে লখিমপুৰ চক্ৰৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক হেমচন্দ্ৰ শইকীয়া , মৰিধল মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দ্বীপেন শইকীয়া, অসম বিশ্ববিদ্যালয়ৰ অধ্যক্ষ ডঃ তৰুণ দত্ত , সৰুপথাৰ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক  কৃষ্ণ কমল কোঁৱৰ , প্ৰবীণ শিক্ষাবিদ পদ্মেশ্বৰ দত্ত আদি বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব ।

বিয়লি অসমীয়া লোক কৃষ্টি সংস্কৃতি , গ্ৰাম্য চহা জীৱনৰ চহকী প্ৰতিভূ  সম্বল সমূহৰ প্ৰতীকী উপস্থাপনেৰে এক বৰ্ণময় সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰি সমাৰোহৰ সফল সামৰণি মৰা হব । উদযাপন সমিতিয়ে সমাৰোহৰ আটাইকেইটা দিনৰ কাৰ্যসূচীত বিদ্যালয়ৰ সকলো প্ৰাক্তন শিক্ষক ,কৰ্মচাৰী , শিক্ষাৰ্থী, অভিভাৱক আৰু স্থানীয় ৰাইজৰ উপস্থিতি আৰু সহযোগিতা আন্তৰিকতাৰে  কামনা কৰিছে ।

dhakuakhana