/asomiyapratidin/media/media_files/2026/01/25/kdjfksdjfsdkfjdkfksdfkdjf-2026-01-25-20-39-36.jpg)
ডিজিটেল ডেস্কঃ সাদিন-প্ৰতিদিন গোষ্ঠীয়ে প্ৰতি বছৰৰ দৰে এইবাৰো অনুষ্ঠিত কৰে এচিভাৰ এৱাৰ্ডছ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় এই বঁটা বিতৰণী অনুষ্ঠানটি। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া।
এইবাৰো সাদিন-প্ৰতিদিন গোষ্ঠীয়ে এচিভাৰ এৱাৰ্ডছ অনুষ্ঠানত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠিত কেইবাজনো বিশিষ্ট ব্যক্তি তথা সংস্থাক এচিভাৰ এৱাৰ্ডেৰে সন্মানিত কৰে। কলা, সংস্কৃতি, সাহিত্য, সংবাদ, ক্ৰীড়া, বিজ্ঞান, বাণিজ্য, প্ৰকৃতি সুৰক্ষা, মানৱ কল্যাণকে ধৰি একাধিক ক্ষেত্ৰত দক্ষতাৰে কাম কৰি অহা এইসকল ব্যক্তিৰ লগতে সংস্থাক আজি কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই এচিভাৰ এৱাৰ্ড প্ৰদান কৰে।
এই অনুষ্ঠানটিৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই। ইয়াৰ পাছতে আদৰণি ভাষণ আগবঢ়াই সাদিন-প্ৰতিদিন গোষ্ঠীৰ সত্ত্বাধিকাৰী জয়ন্ত বৰুৱাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/25/capturesdfsdfdfg-2026-01-25-20-36-33.jpg)
তেওঁ কয়- ‘আজি সাদিন প্ৰতিদিন গোষ্ঠীৰ একাদশ সংখ্যক এই এচিভাৰ এৱাৰ্ডছ অনুষ্ঠানৰ মঞ্চত আসন গ্ৰহণ কৰা মুখ্য অতিথি কেন্দ্ৰীয় ডোনাৰ আৰু যোগাযোগ দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াশংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকা আৰু এই সভাগৃহৰ সমুখত আসন গ্ৰহণ কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ননীগোপাল মহন্তকটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ৰমেশ চন্দ্ৰ ডেকাবড়ো লেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ গণেশ আৱাৰীকুমাৰ ভাস্কৰ সংস্কৃত আৰু পুৰাতন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ প্ৰহ্লাদ যোশীকৃষ্ণগুৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ মোহন কলিতাৰ লগতে অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীপ্ৰাক্তন সভাপতি সূৰ্য্য হাজৰিকা আৰু আমাৰ মাজত উপস্থিত থকা নিখিল ৰাভা সাহিত্য সভানিখিল ৰাভা ছাত্ৰ সন্থাসদৌ বড়ো ছাত্ৰ সন্থাসদৌ অসম ছাত্ৰ সন্থাঅসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদবড়ো সাহিত্য সভামিচিং সাহিত্য সভাতাই আহোম ছাত্ৰ সন্থাতাই আহোম মুলা গাভৰু সন্থাঅসম লেখিকা সমাজ সোণাপুৰ যুৱ সাংস্কৃতিক সংগঠনইলোৰা বিজ্ঞান মঞ্চ সদৌ অসম উকিল সন্থাৰ বিষয়ববীয়াৰ উপৰি বিশিষ্ট লেখকচিকিৎসকঅধিবক্তা আমাৰ মাজত উপস্থিত আছে। লগতে উপস্থিত আছে বিভিন্ন প্ৰান্তৰ পৰা অহা সমাজসাংস্কৃতিক ক্ষেত্ৰৰ বহু জ্যেষ্ঠ আৰু কনিষ্ঠ উদ্যোমী ব্যক্তি তথা সাংবাদিক। উপস্থিত আছে আমাৰ সংবাদ মাধ্যমৰ বন্ধু-বান্ধৱসকল।‘
সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি সাদিন-প্ৰতিদিন গোষ্ঠীৰ সত্ত্বাধিকাৰীগৰাকীয়ে কয় যে- ‘মই সকলোকে সাদৰ সম্ভাষণ জনাইছো আৰু ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আজিৰ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো। গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত আজিৰ এই অনুষ্ঠান আয়োজনৰ ক্ষেত্ৰত পূৰ্ণ সহযোগিতা আগবঢ়াইছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰমুখ্যে ৪৫টাকৈ বিভাগৰ অধ্যাপক-অধ্যাপিকা আৰু শিক্ষাৰ্থী সমাজে। ইয়াৰ বাবে সকলোকে মই সাদৰ সম্ভাষণৰ উপৰিও আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। এচিভাৰ এৱাৰ্ডছ বিগত ১০ বছৰ ধৰি উত্তৰ-পূব ভাৰতৰ অসাধাৰণ প্ৰতিভা ৰূপে কলাসাংস্কৃতিবিজ্ঞানক্ৰীড়াস্বাস্থ্য কেন্দ্ৰসমাজ সেৱা আদি ক্ষেত্ৰত উদ্ভাসিত হোৱা প্ৰতিভাকাৰীসকলক এক সন্মান প্ৰদান কৰি অহা হৈছে।’
আনহাতেএই বছৰৰ ‘জীৱনজোৰা সাধনা’ বঁটাৰ বাবে নিৰ্বাচিত হোৱা অসমীয়া তথা জনজাতীয় ভাষা-সাহিত্যৰ বিশিষ্ট গৱেষক নাহেন্দ্ৰ পাদুন ডাঙৰীয়াই আমাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই অসুস্থতাৰ মাজতে শিৱসাগৰৰ পৰা আহি পৰিয়ালৰ সৈতে অনুষ্ঠানটিত উপস্থি হোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেওঁ কয়- ‘আমাৰ মাজত মুম্বাইৰ পৰা আহি উপস্থিত হৈছে অসমৰ আন্তৰ্জাতিক খ্যাতি সম্পন্ন কথাছবি নিৰ্মাতা জাহ্নু বৰুৱা আৰু এসময়ত সংগীত ক্ষেত্ৰখনত অতি সুনাম অৰ্জা অসম সন্তান জিতু তপনো উপস্থিত হৈছে। আজিৰ এই অনুষ্ঠানত আমাৰ সন্মান গ্ৰহণ কৰাৰ বাবে বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হৈছে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা আৰু প্ৰতিষ্ঠা লাভ কৰা প্ৰবীন আৰু নবীন প্ৰজন্মৰ আন বহু কেইগৰাকী বঁটা প্ৰাপক। সেইসকলোৰে নাম মই এই সময়ত লব বিচৰা নাই। মাথোঁ আগতীয়াকৈ তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিছো।’
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us