বিয়াৰ চিঠিত মোডী! উপহাৰৰ সলনি দৰা-কইনাই বিচাৰিলে নিৰ্বাচনত বিজেপিৰ হৈ ভোট

বিয়াৰ চিঠিত মোডী! উপহাৰৰ সলনি দৰা-কইনাই বিচাৰিলে নিৰ্বাচনত বিজেপিৰ হৈ ভোট

author-image
asomiyapratidin
New Update
বিয়াৰ চিঠিত মোডী! উপহাৰৰ সলনি দৰা-কইনাই বিচাৰিলে নিৰ্বাচনত বিজেপিৰ হৈ ভোট

ডিজিটেল ডেস্কঃ 'হৰ হৰ মোডী, ঘৰ ঘৰ মোডী।' ২০১৪ চনত এই শ্ল'গানেৰে শাসনলৈ অহা নৰেন্দ্ৰ মোডী এতিয়া মানুহৰ ঘৰে ঘৰে আছে নে নাই সেয়া নিশ্চিত নহলেও একাংশ বিজেপি সমৰ্থক যে এতিয়াও বিজেপি আৰু মোডীৰ নামত সকলো কৰিবলৈ প্ৰস্তুত, সেয়া প্ৰমাণ হৈছে কেইখন বিয়াৰ যোগেদি। এই বিয়াৰ নিমন্ত্ৰণী পত্ৰসমূহৰ যোগেদি ২০১৯ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ হৈ প্ৰচাৰ চলাইছে সমৰ্থকসকলে। যি কেইখন বিয়া এতিয়া ছ'চিয়েল মিডিয়াত চৰ্চাৰ বিষয় হৈ পৰা পৰিলক্ষিত হৈছে।

Advertisment

এইখন দাৱাল আৰু জয়াৰ বিবাহৰ নিমন্ত্ৰণী পত্ৰ। গুজৰাটৰ চুৰটত সম্পন্ন হোৱা এই বিবাহখনৰ নিমন্ত্ৰণী পত্ৰত দৰা-কইনাৰ পিতৃ-মাতৃয়ে অতিথিক নিমন্ত্ৰণ জনোৱাৰ লগতে তলত উল্লেখ কৰিছে- 'লোকসভা নিৰ্বাচনত আপুনি যদি বিজেপিক ভোটদান কৰে, তেন্তে সেয়াই আমাৰ বাবে আপোনাৰ উপহাৰ আৰু আশীৰ্বাদ হ'ব।' এইখন বিবাহৰ নিমন্ত্ৰণী পত্ৰ এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

এইখনো এখন বিজেপি সমৰ্থকৰে বিয়াৰ নিমন্ত্ৰণী পত্ৰ। ভূষণ ব্ৰাণচন নামৰ এই বিজেপি সমৰ্থকজনৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰত মোদীৰ কাৰ্যকালৰ খাতিয়ান দাঙি ধৰাৰ লগতে কোৱা হৈছে- 'অনুগ্ৰহ কৰি বিজেপিক জয়যুক্ত কৰাই মোৰ বিবাহ সাৰ্থক কৰে।' যেন এইগৰাকী সমৰ্থকে নিজৰ বাবে নহয়, বিজেপিৰ স্বাৰ্থতহে বিবাহ পাশত আবদ্ধ হ'ব ওলাইছে।

অহা ১০ ফেব্ৰুৱাৰী, দেওবাৰে মংগোলৰত বিবাহ পাশত আবদ্ধ হ'ব নিহাল আৰু অংকিতাই। ইতিমধ্যে তেওঁলোকৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰ ছপা কৰি পিতৃ-মাতৃয়ে অতিথিক নিমন্ত্ৰণ জনোৱা আৰম্ভ কৰিছে। কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হৈছে, এইখন বিয়াতো দৰা-কইনাৰ উচৰ্গা হিচাপে বিচৰা হৈছে বিজেপিক ভোট।

এনে বিয়াৰ নিমন্ত্ৰণী পত্ৰ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিৰোধী দল। একে অদ্ভূত নিৰ্বাচনী প্ৰচাৰৰ মাজেৰে বিজেপি সমৰ্থকে বিয়াৰ নিচিনা এক পবিত্ৰ বান্ধোনক অপমান কৰা বুলিও একাংশই মত ব্যক্ত কৰিছে।