বতৰ বিজ্ঞান কেন্দ্ৰৰ জাননীঃ কেইবাখনো জিলাত ৰেড এলাৰ্ট, অৰেঞ্জ এলাৰ্ট আৰু য়েল্ল' এলাৰ্ট জাৰি

ধুবুৰী জিলাৰো প্ৰান্তে প্ৰান্তে আজি আহিছে ধুমুহা। একাৰাহে ডেৰ ঘণ্টা ধৰি অহা ধুমুহা-বৰষুণৰ ফলত জিলাখনৰ কেইবাটাও অঞ্চলত বিস্তৰ ক্ষতি হোৱাৰ বাতৰি আহিছে। 

author-image
Asomiya Pratidin
New Update
rain 05

ডিজিটেল ডেস্কঃ দেওবাৰে পুৱাৰে পৰা নামনি অসমৰ কেইবাখনো জিলাত বৰষুণ। ডাৱৰীয়া গুৱাহাটীৰো আকাশ।ঠায়ে ঠায়ে আহিছে কিনকিনীয়া বৰষুণ। 

ধুবুৰী জিলাৰো প্ৰান্তে প্ৰান্তে আহিছে ধুমুহা। একাৰাহে ডেৰ ঘণ্টা ধৰি অহা ধুমুহা-বৰষুণৰ ফলত জিলাখনৰ কেইবাটাও অঞ্চলত বিস্তৰ ক্ষতি হোৱাৰ বাতৰি আহিছে। 

তাৰ মাজতেই বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজি আগন্তুক সাত দিনৰ বাবে জাৰি কৰিছে বতৰৰ আগলি বতৰা। সেই অনুসৰি ৫ অক্টোবৰৰ দিনটোত কোকৰাঝাৰ আৰু চিৰাং জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। 

ধুবুৰী, বাক্সা, বৰপেটা, তামুলপুৰ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। দক্ষিণ শালমৰা-মানকাচৰ, গোৱালপাৰা, বজালী, নলবাৰী, কামৰূপ (গ্ৰাম্য), কামৰূপ মহানগৰ, দৰং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, শোণিতপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, ডিমা হাচাও, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলাত য়েল্ল’ এলাৰ্ট জাৰি কৰা হৈছে। 

একেদৰে ৬ অক্টোবৰৰ দিনটোতো ধুবুৰী, দক্ষিণ শালমৰা-মানকাচৰ, গোৱালপাৰা, কোকৰাঝাৰ, চিৰাং, বৰপেটা, বঙাইগাওঁ, নলবাৰী, কামৰূপ গ্ৰাম্য, কামৰূপ মহানগৰ, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি জিলাত জাৰি কৰা হৈছে য়েল্ল’ এলাৰ্ট।

সেইদৰে ৭ অক্টোবৰত উজনি, নামনি আৰু মধ্য অসমৰ ১২ খন জিলাত, ৮ অক্টোবৰত ৫ খন জিলাত, ৯ অক্টোবৰত ৩ খন জিলাত জাৰি কৰা হৈছে য়েল্ল’ এলাৰ্ট। 

বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ৰেড এলাৰ্ট জাৰি কৰা জিলা কেইখনত বিজুলী, ঢেৰেকনিৰ সৈতে প্ৰচণ্ড বৰষুণ আৰু ঘণ্টাত ৪০ ৰ পৰা ৫০ কিলোমিটাৰ বেগেৰে বতাহ বলাৰ সম্ভাৱনা আছে। অৰেঞ্জ এলাৰ্ট জাৰি কৰা জিলা কেইখনতো প্ৰচণ্ড বৰষুণ আৰু ঘণ্টাত ৪০ ৰ পৰা ৫০ কিলোমিটাৰ বেগেৰে বতাহ বলিব। য়েল্ল’ এলাৰ্ট জাৰি কৰা জিলা কেইখনত বিজুলী ঢেৰেকণীৰে বৰষুণ অহাৰ সম্ভাৱনা আছে। 

বতৰ বিজ্ঞান কেন্দ্ৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ