শিক্ষাপীঠ আদৰ্শ বুনিয়াদী হাইস্কুলত ভাৰতীয় সেনা বাহিনীৰ দ্বাৰা অস্ত্ৰ-শস্ত্ৰ প্ৰদৰ্শন

বজালী জিলাৰ পাঠশালাৰ অগ্ৰণী শিক্ষা অনুষ্ঠান শিক্ষাপীঠ আদৰ্শ বুনিয়াদী হাইস্কুলত বিংশতিতম বাৰ্ষিক অধিৱেশন পুৱাৰে পৰা বৰ্ণাধ্য কাৰ্য্যসূচীৰে পালন কৰা হয়।

author-image
Asomiya Pratidin
New Update
421

ডিজিটেল সংবাদ, বজালী : বজালী জিলাৰ পাঠশালাৰ অগ্ৰণী শিক্ষা অনুষ্ঠান শিক্ষাপীঠ আদৰ্শ বুনিয়াদী হাইস্কুলত বিংশতিতম বাৰ্ষিক অধিৱেশন পুৱাৰে পৰা বৰ্ণাধ্য কাৰ্য্যসূচীৰে পালন কৰা হয়। বঁটা বিতৰণী আৰু মুকলি সভাত বিদ্যালয়ৰ বাৰ্ষিক মুখপত্ৰ 'শিক্ষানীড়' উন্মোচন কৰে সাহিত্য অকাডেমি অনুবাদ বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক  অঞ্জন শৰ্মাই।

ৰবিবাৰে সন্ধিয়া বিদ্যালয় খেলপথাৰত ভাৰতীয় সেনা বাহিনীৰ দ্বাৰা অস্ত্ৰ-শস্ত্ৰ প্ৰদৰ্শন কৰা হয়। উৎফুল্লিত ছাত্ৰ ছাত্ৰীসকলে অধিক উৎসাহ আৰু আগ্ৰহেৰে আগুৱাই অহাৰ লগতে বিদ্যালয়ৰ NCC কেডেট সকলে যথেষ্ট পৰিমাণে সেনা বিষয়া সকলক সহযোগিতা আগবঢ়ায়।

সেনা বাহিনী