/asomiyapratidin/media/media_files/2025/12/29/542-2025-12-29-18-23-04.jpg)
ডিজিটেল সংবাদ, গহপুৰ : অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে এইচ ডি এম আঁচনিৰ অধীনত প্ৰাথমিক বিদ্যালয় সমূহত পানী নিষ্কাশনৰ বাবে সামান্য দুৰত্বৰ পকী নলা স্থাপনৰ কাম হাতত লৈছে। আঁচনি অনুসৰি-বিদ্যালয়ৰ চৌহদত জমা হোৱা পানী এই নলাৰে বাহিৰলৈ ওলাই আহিব।
যাতে কণ কণ ছাত্র-ছাত্ৰীসকলে বিদ্যালয়ৰ চৌহদৰ কিছুমান নিদিষ্ট ঠাইত জমা হোৱা বৰষুণৰ পানীৰ পৰা কোনো অসুবিধা নাপায়। গহপুৰ সমজিলাৰ ছয়দুৱাৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ঘাঁহিগাঁৱস্থিত সাহিত্যৰথী বেজবৰুৱা প্ৰাথমিক বিদ্যালয়তো ৰূপায়ণ কৰা হয় এই আঁচনি।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/29/whatsapp-i-2025-12-29-18-23-20.jpeg)
বিশ্বনাথ চাৰিআলিৰ আহন আলী নামৰ এজন ঠিকাদাৰে ৰূপায়ণ কৰা এক লাখ টকীয়া এই আঁচনিৰ কামত মাত্ৰ ১০ হাজাৰ মান খৰচ কৰিয়েই বাকী টকা উদৰস্থ কৰাৰ পাং পাতে তেওঁ। সেই অনুসৰি-ঠিকাদাৰ আহন আলীয়ে লগোৱা মিস্ত্ৰী উক্ত বিদ্যালয়ৰ পানী নিষ্কাশনৰ নলাত ৰ'ডেৰে দিবলগীয়া জালীত বাঁহৰ কামী ভৰাই নলা নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি তোলাৰ চেষ্টা কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/29/whatsapp-image-2-2025-12-29-18-23-34.jpeg)
সোমবাৰে মিস্ত্ৰীয়ে সম্পাদন কৰা উক্ত কামৰ নমুনা দেখি চকু কপালত উঠে প্ৰধান শিক্ষয়িত্ৰীৰ লগতে আন আন শিক্ষয়িত্ৰী সকলৰ। তাৰোপৰি স্থানীয় ৰাইজে আশ্বৰ্য প্ৰকাশ কৰে। ফলত প্ৰধান শিক্ষয়িত্ৰী অৰ্চনা বৰাই আজি উক্ত বাঁহৰ কামী সংলগ্ন কৰি নিৰ্মাণ কৰা পানী নিষ্কাশনৰ পকী নলাৰ কাম বন্ধ কৰি দিবলৈ বাধ্য হয়।
স্থানীয় ৰাইজ আৰু বিদ্যালয় পৰিচালনা সমিতিয়ে উক্ত নলা নিৰ্মাণৰ কামৰ এক তদন্তৰ দাবী কৰি ঠিকাদাৰগৰাকীৰ বিৰূদ্ধে উপযুক্ত ব্যৱস্থা ল'বলৈ সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত কঠোৰ দাবী জনাইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us