চানমাৰিত বিস্ফোৰণ ঘটিল পানীৰ পাইপঃ প্ৰায় ৭০/৮০ ফুট উচ্চতালৈ উঠিছে পানী...

হঠাৎ গুৱাহাটীৰ চানমাৰিত বিস্ফোৰণ ঘটিল পানীৰ পাইপ। বাতৰি লিখাৰ প্ৰায় ১০ মিনিটৰ পূৰ্বেই বিস্ফোৰিত হোৱা এই পানী এতিয়াও তীব্ৰ গতিত ওলাইয়েই আছে।  প্ৰায় ৭০/৮০ ফুটলৈ উঠিছে পানী।

author-image
Asomiya Pratidin
New Update
water 20

ডিজিটেল ডেস্কঃ ৰাজ্যৰ লগতে সমগ্ৰ গুৱাহাটী শিল্পী জুবিন গাৰ্গৰ প্ৰয়াণত ম্ৰিয়মান হৈ থকাৰ সময়তে হঠাৎ গুৱাহাটীৰ চানমাৰিত বিস্ফোৰণ ঘটিল পানীৰ পাইপ। বাতৰি লিখাৰ প্ৰায় ১০ মিনিটৰ পূৰ্বেই বিস্ফোৰিত হোৱা এই পানী এতিয়াও তীব্ৰ গতিত ওলাইয়েই আছে। 

পাইপ ফাটি বাহিৰলৈ ওলাই অহা পানী প্ৰায় ৭০/৮০ ফুট উচ্চতালৈ উঠিছে। তিনি, চাৰি মহলিয়ী ঘৰৰ ওপৰলৈকে উঠা দেখা গৈছে পানী। এই ঘটনা সংঘটিত হোৱাৰ লগে লগেই পানীৰ পাইপৰ পানী যোগান বন্ধ কৰিব লাগিছিল যদিও এই পৰ্যন্ত বন্ধ হোৱা নাই। 

ঘটনাৰ ক্ষয়,ক্ষতিৰ পৰিমাণ এতিয়াও জানিব পৰা হোৱা নাই যদিও কিছু সময়ৰ পিছতে সবিশেষ তথ্য আমাৰ হাতত পৰিব। 

গুৱাহাটী