/asomiyapratidin/media/media_files/2025/10/15/new-ap-web-1-3-2025-10-15-14-18-02.jpg)
ডিজিটেল ডেস্কঃ শ্যামকানু মহন্তসহ ৪ অভিযুক্তৰ উপস্থিতিৰ লগে লগে উত্তেজিত হৈ পৰিছে বাক্সাৰ স্থানীয় লোক। বুধবাৰে পুৱা কামৰূপ মেট্ৰ’ৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল জুবিন মৃত্যুৰে নাম সাঙুৰ খোৱা ৫ অভিযুক্তক।
কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে শ্যামকানু,সিদ্ধাৰ্থ, সন্দীপনসহ জুবিন গাৰ্গৰ দুই দেহৰক্ষীক মুছলপুৰস্থিত জিলা কাৰাগাৰলৈ লৈ যোৱা হৈছিল যদিও উক্ত স্থানত পূৰ্বৰে পৰা উপস্থিত আছিল ক্ষুব্ধ ৰাইজ।
কাৰাগাৰৰ চৌপাশে বুজন পৰিমাণত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হয় যদিও শ্যামকানু-সিদ্ধাৰ্থকৈ লৈ অনা বাহনলৈ শিল নিক্ষেপ কৰি পৰিবেশ উত্তাল কৰি তোলে জনতাই। তাৰোপৰি শ্যামকানু-সিদ্ধাৰ্থক ৰাইজৰ মাজত মুকলিকৈ এৰি দিবলৈও দাবী জনায়।
কাৰাগাৰৰ সন্মুখত বহি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে ক্ষুব্ধ ৰাইজে। ইফালে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে যদিও ব্যৰ্থ হৈ লাঠিচালনা কৰে। ৰাইজৰ আক্ৰমণত আহত হয় এগৰাকী মহিলা নিৰাপত্তাৰক্ষী। ইতিমধ্যে কেইবাগৰাকী প্ৰতিবাদকাৰীক আটক কৰিছে আৰক্ষীয়ে ।