/asomiyapratidin/media/media_files/2026/02/05/adadadadad-2026-02-05-23-50-35.jpg)
ডিজিটেল সংবাদ, নগাঁও: অসমৰ চহকী কলা-সংস্কৃতি আৰু পাণ্ডুলিপি নিৰ্মাণৰ ঐতিহ্যই পুনৰবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত এক বিশেষ স্বীকৃতি লাভ কৰিছে। নগাঁৱৰ পৰম্পৰাগত শিল্পী মৃদু মৌসম বৰাই নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত নৱ-উদ্বোধিত 'ভাৰতীয় ধ্ৰুপদী ভাষা পুথিভঁৰাল'ত (Indian Classical Languages Library) নিজৰ শিল্পকৰ্মৰ জৰিয়তে স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।
বৰাই শতিকা পুৰণি সাঁচিপাতৰ পাণ্ডুলিপি নিৰ্মাণ পৰম্পৰা আৰু টাই-খামতি চিত্ৰকলাৰ কৌশলক পুনৰুজ্জীৱিত কৰি তুলিছে। ভাৰতৰ ধ্ৰুপদী ভাষা আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ লক্ষ্যৰে স্থাপন কৰা এই পুথিভঁৰালত তেওঁৰ ৰচনাসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। এই আমন্ত্ৰণে তেওঁৰ দীৰ্ঘদিনীয়া সাধনা আৰু অসমৰ বিপন্ন পাণ্ডুলিপি শিল্প সংৰক্ষণৰ প্ৰতি ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰমাণ কৰিছে।
মৃদু মৌসম বৰাৰ এই বৃহৎ সাফল্যৰ বাবে বুধবাৰে 'ছছাইটি ফৰ শ্ৰীমন্ত শঙ্কৰদেৱ'ৰ তৰফৰ পৰা এক সঁজাতি দলে তেওঁক উষ্ম সম্বৰ্ধনা জনাই অভিনন্দন জ্ঞাপন কৰে। বিশিষ্ট পণ্ডিত ড° সঞ্জীৱ কুমাৰ বৰকাকতিৰ সভাপতিত্বত অনুষ্ঠিত এই সম্বৰ্ধনা কাৰ্যসূচীত শিল্পীগৰাকীক উষ্ম আদৰণি জনোৱা হয়।
সম্বৰ্ধনা দলটোত উপস্থিত আছিল ছছাইটি ফৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ সভাপতি ড° সঞ্জীৱ কুমাৰ বৰকাকতি, সমন্বয়ক প্ৰদীপ হাজৰিকা, উপ-সভাপতি অমিতাভ বৰা, কোষাধ্যক্ষ জোন ৰাজখোৱা, সহকাৰী সম্পাদক পাপু দাস, সদস্য নীলমণি বৰা আৰু জোনমণি বৰা ।
উপস্থিত সকলে মৃদু মৌসম বৰাৰ এই কৃতিত্বক অসমৰ সাংস্কৃতিক জগতৰ বাবে এক ঐতিহাসিক মুহূৰ্ত বুলি অভিহিত কৰে। তেওঁৰ এই সফলতাই পুনৰ এবাৰ প্ৰমাণ কৰিলে যে অসমৰ পৰম্পৰাগত শিল্পই আজিও বিশ্বদৰবাৰত নিজৰ স্বকীয়তা আৰু গৌৰৱ অটুট ৰাখিছে ।
উল্লেখ্য যে, মৃদু মৌসম বৰাৰ চিত্ৰকলাৰ যাত্ৰা আৰম্ভ হৈছিল মাত্ৰ ৯ বছৰ বয়সতে। তেতিয়া তেওঁ ধিঙৰ স্থানীয় 'জ্যোতিৰেখা চিত্ৰাংকন বিদ্যালয়'ত নাম ভৰ্তি কৰিছিল। ছবি অঁকাটো যে এখন বিদ্যালয়ত পঢ়িব পৰা বিষয়, সেই কথা তেওঁ তেতিয়াহে গম পাইছিল। সেই বিদ্যালয়ত ৪-৫ বছৰ শিকাৰ পিছত তেওঁ নগাঁৱৰ আন এখন চিত্ৰাংকন বিদ্যালয়ত পাঁচ বছৰ ধৰি উচ্চতৰ প্ৰশিক্ষণ লৈছিল।
নগাঁৱত ছবি শিকি থকাৰ সময়তে তেওঁ প্ৰথিতযশা শিল্পী প্ৰয়াত প্ৰণৱ বৰুৱাৰ সান্নিধ্য লাভ কৰে। যদিও প্ৰণৱ বৰুৱাই আধুনিক চিত্ৰকলাৰ (Contemporary painting) কাম কৰিছিল, তেওঁৰ ছবিত প্ৰাচীন অসমৰ চিত্ৰ পৰম্পৰা প্ৰতিফলিত হৈছিল। বৰুৱাৰ পৰাই তেওঁ অসমৰ ঐতিহ্যমণ্ডিত চিত্ৰকলাৰ বিষয়ে বহুতো গুৰুত্বপূৰ্ণ কথা জানিব পাৰিছিল।
পৰৱৰ্তী সময়ত বৰা পুৰণিগুডামৰ 'কলং কলা কেন্দ্ৰ'ৰ সৈতে জড়িত হয়। তাৰ মূৰব্বী চিত্ত ৰঞ্জন বৰাৰ তত্ত্বাৱধানত তেওঁ মুখাশিল্প, কাঠ খোদাই শিল্প আৰু সাঁচিপাতৰ পুথি প্ৰস্তুত তথা সংৰক্ষণৰ কৌশলসমূহ শিকিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছত অসমৰ চিত্ৰকলাৰ গৱেষক ড° নৰেন কলিতাৰ সান্নিধ্যই তেওঁক এই বিষয়টোৰ গভীৰলৈ যোৱাত সহায় কৰে।
মৃদু মৌসম বৰাৰ ঘৰ বৰদোৱাৰ নিচেই ওচৰতে হোৱা বাবে সৰুৰে পৰা তেওঁ বৰদোৱা থানৰ পৰিৱেশৰ মাজত ডাঙৰ হৈছিল। মাক-দেউতাকৰ সৈতে কীৰ্তনঘৰলৈ যাওঁতে তাত থকা সচিত্ৰ পুথিৰ প্ৰতিচ্ছবিসমূহ (replica) দেখি তেওঁ আকৰ্ষিত হৈছিল। তেওঁৰ পিতৃ-মাতৃয়ে ছবিসমূহ দেখুৱাই তাৰ কাহিনীসমূহ বুজাই দিছিল, যাৰ পৰাই তেওঁৰ মনত সচিত্ৰ পুথিৰ প্ৰতি প্ৰথম ধাৰণা আৰু আগ্ৰহ গঢ়ি উঠিছিল।
চিত্ৰকলাৰ গৱেষক ড° নৰেন কলিতাৰ পৰামৰ্শ অনুসৰি মৃদু মৌসম বৰাই মাজুলী, যোৰহাট আৰু শিৱসাগৰৰ দৰে বিভিন্ন ঐতিহাসিক স্থান ভ্ৰমণ কৰি অসমৰ প্ৰাচীন চিত্ৰকলাৰ অধ্যয়ন কৰে। যিহেতু পাণ্ডুলিপি নিৰ্মাণৰ এই পৰম্পৰাটো প্ৰায় ১০০ বছৰ আগতেই লুপ্ত হৈছিল, সেয়েহে বৰাই এই বিষয়ে জনা অতি কম সংখ্যক বয়োজ্যেষ্ঠ খনিকৰৰ কাষ চাপি বহুতো দুৰ্লভ কথা শিকিবলৈ সক্ষম হৈছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us