যুদ্ধক্ষেত্ৰ এৰি পলায়ন পাকিস্তান সেনাৰ!

ভাৰতৰ সৈতে ফেপেৰি পাতি লোৱা পাকিস্তানৰ বিপদে লগ এৰা নাই। ভাৰতৰ সৈতে যুজঁ দি থকাৰ সময়তে পাকিস্তানৰ কুৱেটা চহৰ এৰি পলায়ন কৰিছে পাক সেনাই। কুৱেটা চহৰত বেলুচ লিবাৰেশ্যন আৰ্মীয়ে অভিযান চলাই দখল কৰিছে চহৰখন। 

author-image
Asomiya Pratidin
New Update
kgh,kgjn,ljh.lhkj

ডিজিটেল ডেস্কঃ ভাৰতৰ সৈতে ফেপেৰি পাতি লোৱা পাকিস্তানৰ বিপদে লগ এৰা নাই। ভাৰতৰ সৈতে যুজঁ দি থকাৰ সময়তে পাকিস্তানৰ কুৱেটা চহৰ এৰি পলায়ন কৰিছে পাক সেনাই। কুৱেটা চহৰত বেলুচ লিবাৰেশ্যন আৰ্মীয়ে অভিযান চলাই দখল কৰিছে চহৰখন। 

উল্লেখ্য যে,বেলুচিস্তান প্ৰদেশত যোৱা ৮মেত পাক সেনাৰ বাহনক লক্ষ্য কৰি আই ই ডি বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল।পাকিস্তানতস্বাধীনতাৰ বাবে যুঁজি থকা বিচ্ছিন্নতাবাদী গোট বেলুচিস্তান লিবাৰেশ্যন আৰ্মীয়ে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে। এই ঘটনাত পাকিস্তান সেনাৰ ১২ জন জোৱান নিহত হয়।

এই বিস্ফোৰণত বিশেষ অভিযানৰ অধিনায়ক তাৰিক ইমৰাণ আৰু চুবেদাৰ উমৰ ফাৰুকো নিহত হয়।বিস্ফোৰণত সেনাৰ বাহনখনো ধ্বংস হয়। উল্লেখ্য যে, বিগতসপ্তাহত পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে বেলুচিস্তান প্ৰদেশত সংঘটিত কৰা দুটা পৃথক কাণ্ডত ১০টা সন্ত্ৰাসবাদী নিহত হোৱা বুলি কৰ্তৃপক্ষই প্ৰকাশ কৰিছে।

পাকিস্তান