বৃন্দাবনৰ শ্ৰীকৃষ্ণ শৰণাম ছ’চাইটিত কেনেকৈ লাগিল জুই ?

এই ছ’চাইটিখনৰ সন্ত প্ৰেমানন্দ জী মহাৰাজৰ নামেৰে পঞ্জীয়নভুক্ত ২১২ নম্বৰ ফ্লেটত হঠাতে জুই লাগি ব্যাপক ক্ষতি হোৱা বুলি খবৰ পোৱা গৈছে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-01-11 at 11.43.41 AM

ডিজিটেল ডেস্কঃ দেওবাৰে পুৱা বৃন্দাবনৰ ছটিকৰা ৰোডস্থিত শ্ৰীকৃষ্ণ শৰণাম ছ’চাইটিত সংঘটিত এক অগ্নিকাণ্ডই আতংকৰ সৃষ্টি কৰিছে। এই ছ’চাইটিখনৰ সন্ত প্ৰেমানন্দ জী মহাৰাজৰ নামেৰে পঞ্জীয়নভুক্ত ২১২ নম্বৰ ফ্লেটত হঠাতে জুই লাগি ব্যাপক ক্ষতি হোৱা বুলি খবৰ পোৱা গৈছে। প্ৰাথমিক অনুসন্ধানত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটক জুইৰ মূল কাৰণ বুলি ধাৰণা কৰা হৈছে।

প্ৰত্যক্ষদৰ্শীৰ মতে, পুৱা হঠাতে ফ্লেটটোৰ ভিতৰৰ পৰা ধোঁৱা আৰু জুইৰ শিখা ওলায়। তৎক্ষণাত ছ’চাইটিৰ বাসিন্দাসকলৰ লগতে ওচৰৰ লোকসকলে সহায়ৰ বাবে আগবাঢ়ি আহি অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীক অৱগত কৰে। সৌভাগ্যক্ৰমে, বিগত প্ৰায় এমাহ ধৰি সন্ত প্ৰেমানন্দ জী মহাৰাজ শ্ৰী ৰাধাহিত কালিকুঞ্জত বাস কৰি থকাৰ বাবে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহ’ল।

ইফালে, খবৰ লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ একাধিক দল ঘটনাস্থলীত উপস্থিত হৈ ক্ষীপ্ৰতাৰে উদ্ধাৰ আৰু অগ্নি নিৰ্বাপন অভিযান আৰম্ভ কৰে। কেইঘণ্টামানৰ প্ৰচেষ্টাৰ পাছত জুই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণলৈ অনা হয়। অৱশ্যে অগ্নিকাণ্ডত ফ্লেটটোৰ ভিতৰৰ বহু আচবাব-পত্ৰ আৰু মূল্যৱান সামগ্ৰীৰ ক্ষতি হোৱা বুলি জানিব পৰা গৈছে।

আনহাতে, ঘটনাস্থলীত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকসকলৰ সৈতে মহাৰাজৰ পৰিচাৰকসকলৰ সৈতে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। অভিযোগ অনুসৰি, একাংশ পৰিচাৰকে সাংবাদিক আৰু স্থানীয় বাসিন্দাসকলক বাতৰি সংগ্ৰহ কৰাত বাধা দিয়ে আৰু কিছু লোকৰ পৰা বলপূৰ্বকভাৱে মোবাইল ফোন কাঢ়ি লয়। আনকি উপস্থিত আৰক্ষী বিষয়াৰ সৈতে অসৎ আচৰণ কৰাৰ অভিযোগো উত্থাপন হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি কিছু সময়ৰ বাবে ঘটনাস্থলীত তীব্ৰ উত্তেজনাই বিৰাজ কৰে।

ইফালে, আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনি সমগ্ৰ বিষয়টো তদন্তৰ আওতাত লৈছে বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ডৰ সঠিক কাৰণ আৰু উত্তেজনাৰ ঘটনাত দোষী লোকসকলৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিছে।

প্ৰেমানন্দ জী মহাৰাজ