ৰাজ্যত পঞ্চম বিটিচি নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া সম্পন্ন...

নিৰ্বাচনত বাক্সা জিলাৰ পৰা ৫২ গৰাকী প্ৰাৰ্থী, চিৰাঙৰ ৫৬ গৰাকী, কোকৰাঝাৰত ১০০ গৰাকী, তামুলপুৰত ৪০ গৰাকী আৰু ওদালগুৰিত ৬৮ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল।

author-image
Asomiya Pratidin
New Update
new ap web 4 (18)

ডিজিটেল ডেস্কঃ  আজি পঞ্চম বিটিচি নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ইতিমধ্যে আটাইকেইটা সমষ্টিতে সম্পন্ন হৈছে। বিটিআৰৰ মুঠ ৪০ টা সমষ্টিত পুৱা ৭.৩০ বজাৰ লগে লগে আৰম্ভ হৈছিল ভোটগ্ৰহণ প্ৰক্ৰিয়া।  বিয়লি ৪ বজাৰ লগে লগে আটাইকেইটা সমষ্টিতে ভোটগ্ৰহণ প্ৰক্ৰিয়া প্ৰায় সম্পন্ন হয়।

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, মুঠ ৩,৩৫৯ টা ভোটকেন্দ্ৰত আৰম্ভ হৈছিল ভোটগ্ৰহণ প্ৰক্ৰিয়া। তাৰোপৰি মুঠ ৩১৬ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে এই নিৰ্বাচনত। নিৰ্বাচনত বাক্সা জিলাৰ পৰা ৫২ গৰাকী প্ৰাৰ্থী, চিৰাঙৰ ৫৬ গৰাকী, কোকৰাঝাৰত ১০০ গৰাকী, তামুলপুৰত ৪০ গৰাকী আৰু ওদালগুৰিত ৬৮ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল।

তামুলপুৰত ৪.৩০ বজালৈ ভোটাদানৰ হাৰ- ২৬ নং দৰংগাজুলিত ৭০.৩%, ২৭ নং নাগ্ৰীজুলিত ৬৬.১%, ২৮ নং গৈবাৰীত ৭৩.২%, ২৯ নং শুক্লাই চেৰফাং সমষ্টিত ৭৪.৬%, ৩০ নং গোৰেশ্বৰত ৬১.৫% ভোটদান সম্পন্ন।

চিৰাং জিলাৰ ৭ সমষ্টিত ৪.৩০ বজালৈ ভোটদানৰ হাৰ- ১৩ নং চিৰাং সমষ্টিত ৭৮.৬৩%, ১৪ নং চিৰাং দুৱাৰত ৭৪.০৪%, ১৫ নং কাজলগাঁও ৭৮.৮৫%, ১৬ নং নিচিমা ৭৫.১২%, ১৭ নং সুবাইঝাৰ ৭৫.৪৫%, ১৮ নং মানস চেৰফাং ৭৯.২১%, ১৯ নং থুৰিবাৰীত ৭৪.৫৩% ভোটদান সম্পন্ন।

তাৰোপৰি, ওদালগুৰি জিলাৰ ১০ টা সমষ্টিত আবেলি ৪.৩০ বজালৈ ৬৮.৩২ শতাংশ ভোটদান সম্পন্ন হোৱাৰ তথ্য পোৱা গৈছে। ৩১ নং খৈৰাবাৰীত ৭৩.৩৯ শতাংশ, ৩২ নং ভেৰগাও সমষ্টিত ৬৯.২৫ শতাংশ, ৩৩ নং নোনাই ছেৰফাং সমষ্টিত ৭৩.৪২ শতাংশ, ৩৪ নং খালিং দুৱাৰত ৬৫.৫১ শতাংশ, ৩৫ নং মুদৈবড়ীত ৬৪.৯১ শতাংশ, ৩৬ হৰিশিঙাত ৭১.৪৫ শতাংশ, ৩৭ নং ধনশ্ৰীত ৬৭.৫৬ শতাংশ, ৩৮ নম্বৰ ভৈৰৱকুণ্ডত ৬৪.৩১ শতাংশ, ৩৮ নম্বৰ পাঁচনৈ ছেৰফাং সমষ্টিত ৬৪.০৯ শতাংশ আৰু ৪০ নম্বৰ ৰৌতা পৰিষদীয় সমষ্টিত ৬৯.৩৫ শতাংশ ভোটদান সম্পন্ন হৈছে।

বাক্সাত ৪.৩০ বজালৈ ভোটাদানৰ হাৰ- মাথানগুৰি ৬১.৩%, শালবাৰী ৭১.৫%, কোকলাবাৰী ৬৯.২%, দিহিৰা ৬৬.৪%, মুছলপুৰ ৬৩.৫%, বাগানপাৰা সমষ্টিত ৬৯.৩% ।

কোকৰাঝাৰ জিলাৰ ১২ টা সমষ্টিত আবেলি ৪.৩০ বজালৈ প্ৰায় ৭৮ শতাংশ ভোটদান সম্পন্ন হয়। জিলাখনৰ ১ নং পৰ্বতঝোৰা সমষ্টিত ৮৩.৩৯%, ২ নং গুমাত ৭৮.৯৪%,৩ নং শ্ৰীৰামপুৰত ৮৫.৬৫% , ৪ নং যমদুৱাৰত ৭৮.৬০%, ৫ নং শৰাইবিলত ৭৮.৭২%, ৬ নং কচুগাওঁত ৮১.৫৩%, ৭ নং ফকিৰাগ্ৰাম সমষ্টিত ৭৫.৫৩%, ৮ নং দোতমাত ৭৭%, ৯ নং বনৰগাওঁ সমষ্টিত ৭৭.৭৪%,১০ নং দেৱৰগাওঁ সমষ্টিত ৭২.৪৪%, ১১ নং বাওখুংগ্ৰী সমষ্টিত ৭৪.৭৭% আৰু ১২ নং ছালাকাটি সমষ্টিত ৭৬.৩৩ শতাংশ।

উল্লেখযোগ্য যে, বি টি আৰত মুঠ ভোটাৰৰ সংখ্যা হৈছে ২৬ লাখ ৫৭ হাজাৰ ৯৩৭ গৰাকী । তাৰ ভিতৰত পুৰুষ ভোটাৰ ১৩ লাখ ২৩ হাজাৰ ৩৯৯ গৰাকী, মহিলা ভোটাৰ হৈছে ১৩ লাখ ৩৪ হাজাৰ ৫২১ গৰাকী আৰু তৃতীয় লিংগৰ ১৭ গৰাকী ।

বিটিচি বিটিআৰ